উপ-নিৰ্বাচনলৈ সাজু হৈছে অসম প্ৰদেশ বিজেপি ৷ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখিছে বিজেপিয়ে ৷ পাঁচখনতকৈ অধিক বিধানসভা আসনত উপ-নিৰ্বাচন হোৱাৰ ইংগিত দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷
গোসাঁইগাঁও, তামুলপুৰ,মাজুলী, মৰিয়নি আৰু থাওৰাত উপ–নিৰ্বাচন হোৱাটো অৱধাৰিত ৷ ইতিমধ্যে গোসাঁইগাঁও আৰু তামুলপুৰৰ বিধায়কদ্বয় প্ৰয়াত হোৱাত বিধায়কশূন্য হৈ আছে সমষ্টি দুটা ৷ ইয়াৰ পিছতে মৰিয়নি সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ফলত খালী হৈ আছে সমষ্টিটো ৷ এই সমষ্টিটোতো অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷
ঠিক একেদৰে মাজুলী সমষ্টিৰ বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰীক বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰ দি কেন্দ্ৰীয় কেবিনেটত স্থান দিয়াত সম্প্ৰতি বিধায়কহীন হৈ আছে মাজুলীও ৷ ইফালে কিছুদিন পূৰ্বে কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে বিধায়ক পদ ত্যাগ কৰি কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাত থাওৰা সমষ্টিও হৈ পৰিল বিধায়কশূন্য ৷
পিছে এই পাঁচটা সমষ্টিতে হ'বনে উপ-নিৰ্বাচন? বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ভাষ্যই আন এক ইংগিতহে বহন কৰিছে ৷ ভৱেশ কলিতাৰ দাবী, আগষ্টৰ শেষৰ ফালে বিজেপিলৈ আহিব ফণী তালুকদাৰ ৷ যদিহে ভৱানীপুৰৰ AIUDFৰ বিধায়কজন বিজেপিলৈ আহে, ভৱানীপুৰ সমষ্টিতো অনুষ্ঠিত হ'ব উপনিৰ্বাচন ৷
ইফালে UPPLৰ নেতা গোবিন্দ বসুমতাৰীৰো দূৰ হোৱা নাই মন্ত্ৰিত্বকেন্দ্ৰিক অসন্তুষ্টি ৷ যিকোনো সময়ত বিজেপিলৈ আহিব পাৰে ওদালগুৰিৰ বিধায়কজন ৷ যি কথাৰ ইংগিত দিলে ভৱেশ কলিতাই ৷ ইফালে উপ-নিৰ্বাচনত বিজেপিক ৰুধিবলৈ কংগ্ৰেছ ৰাইজৰ দল একলগ হৈও বিজেপিৰ একো ক্ষতি কৰিব নোৱাৰে বুলি কৈ ভৱেশ কলিতাই ক'লে, বিধানসভা নিৰ্বাচনতো একো কৰিব পৰা নাছিল মহাজোঁটে ৷
BJPএক প্ৰকাৰ প্ৰবল আত্মবিশ্বাসী ৷ অপেক্ষা কৰিছে উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱালৈ ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে যুঁজত নামি পৰিবলৈ বিজেপিয়ে নিজকে কৰিছে সাজু ৷ শেহতীয়াকৈ বিজেপি মিত্ৰজোঁটে যিমানকেইটা উপনিৰ্বাচন খেলিছে, তাত সফল হৈছে দলটো ৷ এইবাৰ পিছে বিজেপি মিত্ৰজোঁটৰ বাবে প্ৰত্যাহ্বান আনিব পাৰিবনে মহাজোঁটে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|