মাজুলীক বাদ দি ৫টা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন৷ এই পাঁচটা সমষ্টিত ২০২১ৰ নিৰ্বাচনত কি হৈছিল ৷ কোনে পাইছিল কিমান ভোট ৷ কাউণ্ট ডাউন আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ৷ কি হ'ব উপ-নিৰ্বাচনত? মিত্ৰজোঁটক ৰুধিব পাৰিবনে বিৰোধীয়ে?
৩০ অক্টোবৰত ৫টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ–নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল এতিয়া ব্যস্ত ৷ ২০২১ত এই পাঁচোটা সমষ্টিৰ মাথোঁ এটা সমষ্টিহে লাভ কৰিছিল বিজেপি মিত্ৰজোঁটে ৷ বিজেপি মিত্ৰজোঁটে লাভ কৰা একমাত্ৰ তামুলপুৰ সমষ্টিটোত UPPLৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৱে লাভ কৰিছিল ৭৮,৮১৮টা ভোট৷ সমষ্টিটোত কংগ্ৰেছ মহাজোঁটৰ বিপিএফৰ প্ৰাৰ্থী ৰাংজা খুংগুৰ বসুমতাৰীয়ে পাইছিল ৪৬,৬৩৫টা ভোট ৷
ইয়াৰ বিপৰীতে গোসাঁইগাঁও সমষ্টিটোত বিপিএফৰ প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে লাভ কৰিছিল ৭০,৪০৭টা ভোট, য'ত UPPLৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীয়ে পাইছিল ৬০,০৬৪টা ভোট ৷ সম্প্ৰতি এই দুয়োটা সমষ্টি একপ্ৰকাৰ UPPLক এৰি দিবলৈ ওলাইছে বিজেপিয়ে ৷ যি কথা শনিবাৰে নিশা অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠকৰ পিছত সংবাদ মাধ্যমক অৱগত কৰিছিল বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই ৷
উপ–নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ভৱানীপুৰত AIUDFএৰি বিজেপিলৈ অহা ফণীধৰ তালুকদাৰে পাইছিল ৫৫,৯৭৫টা ভোট, য'ত বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই লাভ কৰিছিল ৫২,৭৪৮টা ভোট ৷ ঠিক একেদৰে থাওৰা সমষ্টিত কংগ্ৰেছ এৰি বিজেপিলৈ অহা সুশান্ত বৰগোহাঁয়ে লাভ কৰিছিল ৪৮,০২৬টা ভোট ৷ সমষ্টিটোত কুশল দুৱৰীয়ে পাইছিল ৪৬,০২০টা ভোট ৷
একেদৰে উপ–নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মৰিয়নি বিধানসভা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে পাইছিল ৪৭,৩০৮টা ভোট ৷ বিজেপিৰ ৰমণী তাঁতীয়ে পাইছিল ৪৪,৮৬২টা ভোট ৷ অৰ্থাৎ বিজেপি মিত্ৰজোঁট পৰাজিত হোৱা থাওৰাত আছিল ২০০৬টা ভোটৰ ব্যৱধান ৷
মৰিয়নিত বিজেপি মিত্ৰজোঁট পৰাজিত হৈছিল ২৪৪৬টা ভোটত ৷ ভৱানীপুৰত মহাজোঁটৰ প্ৰাৰ্থীৰ সৈতে পৰাজয়ৰ অংকৰ ব্যৱধান আছিল ৩২২৭টা ভোটৰ ৷ একমাত্ৰ গোসাঁইগাঁৱত ১০,৩৪৩টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৷ গোটেই সমষ্টিকেইটা যদি চোৱা যায়, ভৱানীপুৰত এক নিজা ভোট বেংক আছে ফণীধৰ তালুকদাৰৰ৷
নিৰ্দলীয় হিচাপে খেলিলেও সমষ্টিটোত ২০ৰ পৰা ৩০ হাজাৰ ভোট লাভ কৰি আহিছিল ফণীধৰ তালুকদাৰে ৷ থাওৰাত আছে সুশান্ত বৰগোহাঁইৰ নিজা ভোট বেংক, একেদৰে মৰিয়নিত আছে ৰূপজ্যোতি কুৰ্মীৰ নিজা ভোট বেংক ৷ অংকৰ দিশত এই তিনিটা সমষ্টিৰ লগতে তামুলপুৰ প্ৰমোদ বড়োৰ গৃহ সমষ্টি হোৱা হেতুকে এই চাৰিটা সমষ্টিতে বিজেপি মিত্ৰজোঁট আজিৰ তাৰিখত শক্তিশালী ৷
গোসাঁইগাঁৱৰ ক্ষেত্ৰত যদি বিপিএফৰ সৈতে বুজাবুজিলৈ আহে BJP–UPPL, তেনেহ'লে উপ–নিৰ্বাচন হ'বলগীয়া পাঁচোটা সমষ্টিত বিৰোধীয়ে বিজেপি মিত্ৰজোঁটক প্ৰতিৰোধ কৰা বৰ সহজ নহ'ব ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|