৩০ অক্টোবৰত উপ-নিৰ্বাচন ৷ গোসাঁইগাঁও, তামুলপুৰ লাগে UPPLক ৷ কি কৰিব বিগ ব্ৰাডাৰ বিজেপিয়ে? বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান নহ'লেও উপ-নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত এই দুই সমষ্টিয়ে আনিব পাৰে ৰাজনৈতিক টুইষ্ট ৷
UPPLৰ আত্মবিশ্বাস এই দুই সমষ্টি বিগ ব্ৰাডাৰ বিজেপিয়ে এৰি দিব দলটোক৷ কিন্তু ইমানুৱেল মুছাহাৰীয়ে তামুলপুৰৰ বিধায়ক পদ ত্যাগ কৰি BPF এৰি বিজেপিলৈ অহাৰ একো দাম নাপাবনে? হয়তো পাব ৷ বিজেপিয়ে সততে ত্যাগ কৰাসকলক গুৰুত্ব দিয়ে বুলি এক ধাৰণা মানুহৰ মনত শিপাই তোলাত সফল হৈছে ৷
প্ৰকৃতাৰ্থত ত্যাগৰ কিমান মূল্য বিজেপিয়ে কাক দিছে সেয়া অৱশ্যেই আলোচনাৰ বিষয় ৷ যি নহওক, এই দুই সমষ্টিক বাদ দি আন এক গুৰুত্বপূৰ্ণ সমষ্টি ভৱানীপুৰ ৷ দীৰ্ঘদিন ধৰি সমষ্টিটো দখলত আছে AIUDFৰ ৷ পিছে এই সমষ্টিটো বিজেপিয়ে দখল কৰিবৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে ৷ শেহতীয়াকৈ বিজেপিক প্ৰায় তিনি–চাৰিটা নিৰ্বাচনত জয়ী হ'বলৈ নিদিয়া এসময়ৰ নিৰ্দলীয় প্ৰাৰ্থী তথা ২০২১ত AIUDFৰ চিহ্নত বিধানসভালৈ নিৰ্বাচিত হৈ অহা ফণীধৰ তালুকদাৰ এতিয়া বিজেপিত ৷
বিজেপিৰ মতে, ভৱানীপুৰ দখল কৰিব বিজেপিয়ে ৷ "অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক লৈ যিটো সমষ্টিৰ এক মৰ্যাদা আছিল, সেই সমষ্টিৰ পৰা অসম আন্দোলনৰ বিৰোধিতা কৰি জন্ম হোৱা দল এটা জিকে ৷ এয়া অসম আৰু অসমীয়াই নিবিচাৰে ৷ ফণীধৰ তালুকদাৰে নিৰ্দলীয় হৈ থিয় দিয়াৰ বাবে আমি সমষ্টিটো নিজৰ দখললৈ আনিব পৰা নাছিলোঁ ৷ এইবাৰ ভৱানীপুৰ আমাৰ ৷ কাৰণ ফণীধৰ তালুকদাৰ এতিয়া আমাৰ লগত ৷" —পৱিত্ৰ মাৰ্ঘেৰিটাই কয়।
ইফালে, থাওৰা আৰু মৰিয়নিত বিজেপিৰ প্ৰাৰ্থী হ'ব কংগ্ৰেছ এৰি বিজেপিলৈ অহা সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মী ৷ আমাৰ হাতত থকা তথ্য মতে এই দুটা সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰিব সুশান্ত আৰু ৰূপজ্যোতিকে ৷ বাকি থাকিল মাজুলী, উপনিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে মাজুলী সমষ্টিত ৷ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনত জঁপিয়াই পৰা শাসকীয় দল বিজেপি চিন্তিত নহয় মাজুলীক লৈয়ো ৷
প্ৰশ্ন হ'ল, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ'ব কোন? নাম চৰ্চাত ভুবন গাম, হেমচন্দ্ৰ দলেৰ ৷ যুৱ নেতা নৃপেন কামানো প্ৰাৰ্থিত্বপ্ৰত্যাশী ৷ ইতিমধ্যে ভুবন গাম, হেমচন্দ্ৰ দলেৰ নাম শুনা গৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মুখত৷ ইফালে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল যদি পুনৰ বিজেপি মিত্ৰজোঁটত চামিল হয় তেনেহ'লে গোসাঁইগাঁও আৰু তামুলপুৰক লৈ ৰাজনৈতিক টুইষ্ট অহাটো খাটাং ৷
গুৰুত্বপূৰ্ণ কথাটো হ'ল UPPLএ এৰি দিব বিচৰা নাই দুয়োটা সমষ্টি ৷ যি কথা একপ্ৰকাৰ স্পষ্ট কৰিছে BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে আন শীৰ্ষ নেতাই ৷ শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত উপস্থিত থাকিও বিজেপিৰ অধিক কাষ চপাতো সফল হৈছে প্ৰমোদ বড়ো ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|