মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উপ-নিৰ্বাচনলৈ সাঁজু বিজেপি! মাজুলী সমষ্টিত কোনে পাব দলীয় টিকট? সাংসদসহ চৰ্চাত বহুকেইজনৰ নাম...

উপ-নিৰ্বাচনলৈ সাঁজু বিজেপি! মাজুলী সমষ্টিত কোনে পাব দলীয় টিকট? সাংসদসহ চৰ্চাত বহুকেইজনৰ নাম...

News18 Assam | News18-Assam
Updated:August 20, 2021, 7:05 PM IST
উপ-নিৰ্বাচনলৈ সাঁজু বিজেপি! মাজুলী সমষ্টিত কোনে পাব দলীয় টিকট? সাংসদসহ চৰ্চাত বহুকেইজনৰ নাম...
file image

সন্মুখত উপ নিৰ্বাচন ৷ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিলেই নিৰ্বাচনত জপিয়াই পৰিব শাসকীয় দল বিজেপি ৷

  • Share this:
ৰাজনীতিৰ ভিন্ন চৰ্চাৰ মাজত ৰাজ্যৰ ৰাজনৈতিক মহলত চলি আছে আন এক বিশেষ চৰ্চা ৷ সেই চৰ্চা হৈছে উপ-নিৰ্বাচন ৷ কি শাসক, কি বিৰোধী সকলো সাজু হৈছে উপ-নিৰ্বাচনলৈ ৷ উপনিৰ্বাচন হ'ব লগীয়া সমষ্টি সমূহৰ ভিতৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈছে মাজুলী সমষ্টিৰ ওপৰত।

সন্মুখত উপ নিৰ্বাচন ৷ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিলেই নিৰ্বাচনত জপিয়াই পৰিব শাসকীয় দল বিজেপি ৷ বিজেপি মিত্ৰজোঁটৰ এটাই লক্ষ্য, যিকোনো প্ৰকাৰে নিজৰ হাতত ৰাখিব লাগে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া প্ৰতিটো সমষ্টি ৷ বিজেপিৰ বাবে প্ৰাৰ্থী নিৰ্বাচনত বিশেষ জটিলতা নাহে থাওৰা আৰু মৰিয়নিত ৷ কিয়নো এই দুই সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মী এতিয়া বিজেপিত ৷ প্ৰাথমিক দৃষ্টিত বিজেপিয়ে আন কোনো জটিলতাৰ সন্মুখীন হোৱাতকৈ হয়টো টিকট দিব সুশান্ত, ৰূপজ্যোতিকে ৷

কিন্তু জটিলতা আহিব মাজুলীৰ ক্ষেত্ৰত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী হ'ব কোন? নাম চৰ্চাত ভূৱন গাম, প্ৰদান বৰুৱা, মাধৱ দেউৰী, হেমচন্দ্ৰ দলে, নৃপেন কামান, হৰেণ দেউৰী, ৰাজশেখৰ দলে, বিতোপন দলেৰ ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই এই সম্পৰ্কত ক'লে, বিজেপি আৰু মাজুলীৰে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা এজনেই পাব মাজুলীৰ টিকট ৷ ৰাজীৱ লোচন পেগুৰ যোগদানৰ কথা চলা নাই বিজেপিত ৷

ইফালে দিলীপ শইকীয়াৰ ভাষ্যতে এটা কথা স্পষ্ট হ'ল যে, গোসাঁইগাঁও তামোলপুৰ মিত্ৰদল UPPL-কে এৰি দিয়াৰ সম্ভাৱনা বেছি ৷ দিলীপ শইকীয়াই প্ৰসংগটোত কৰা মন্তব্য আছিল এনেধৰণৰ—'আমাৰ হাতত থকা সমষ্টি কেইটা আমাৰ হাততে ৰখাৰ চেষ্টা কৰিছো আমি ৷ কিন্তু, গোসাঁইগাঁও আৰু তামোলপুৰকলৈ দলে আলোচনাৰ মাজেৰে সিদ্ধান্ত ল'ব যদিও, সমষ্টি দুটা UPPLক এৰি দিলেও আচৰিত হ'ব লগীয়া নাই ৷"

ঠিক একেদৰে, ভৱেশ কলিতাই ঘোষণা কৰা বিজেপিৰ পূৰ্ণাংগ কমিটীত ST মৰ্চাৰ সভাপতিৰ দায়িত্ব লোৱা বিটিআৰৰ বিজেপিৰ যুৱনেতা শিৱনাথ ব্ৰহ্মৰ দাবী গোসাইগাঁও,তামোলপুৰত যদি বিজেপিয়ে নিজে প্ৰতিদ্বন্দিতা কৰে, তেন্তে জয় নিশ্চিত৷ মিত্ৰদলক দিলেও জয়ী কৰাব বিজেপিয়ে ৷ এই সকলোবোৰ এতিয়া ৰাজনৈতিক মহলৰ চৰ্চাতহে ৷ সময়তহে গম পোৱা যাব কোনে পাব টিকট, কোন আসন এৰি দিব মিত্ৰদলক ৷
Published by: Himangshu Bhuyan
First published: August 20, 2021, 7:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি