আগন্তুক উপ নিৰ্বাচনত থাওৰা আৰু মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ জয় নিশ্চিত।কাজিৰঙাত এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
আগন্তুক উপ নিৰ্বাচনত থাওৰা আৰু মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ জয় নিশ্চিত।কাজিৰঙাত এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
উজনি অসমৰ উপ নিৰ্বাচনক লৈ ৰাইজৰ দলৰ স্পষ্ট ৰণকৌশল, "বিশ্বাসঘাতকটাক পৰাভূত কৰিব ৰাইজৰ দলে"।আগন্তুক উপ নিৰ্বাচনত থাওৰা আৰু মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ জয় নিশ্চিত।কাজিৰঙাত এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
উজনি অসমৰ উপ নিৰ্বাচনত ৰাইজৰ দলৰ ৰণকৌশল হ'ব, বিশ্বাসঘাতকটাৰ বিপৰীতে বিশ্বাসযোগ্য আৰু আপোচবিহীন সংগ্ৰাম। ইপিনে ৭০ সংগঠনে ৰাইজৰ দল ত্যাগ কৰা সন্দৰ্ভত গগৈৰ মন্তব্য যি কেইজন মানুহ ৰাইজৰ দলৰ পৰা আতৰি গৈছে তেওলোকক উলিয়াই দিব লাগিছিল নিজেই ওলাই যোৱা বাবে সুখ পাইছো। যি কেইজন মানুহ ওলাই গৈছে তাৰ লগত ৭০ সংগঠনৰ সম্পৰ্ক নাই।৭০ সংগঠনে ৰাইজৰ দল গঠন কৰাৰ ক্ষেত্ৰতহে ভূমিকা লৈছিল। ৭০ সংগঠন যিহেতু অৰাজনৈতিক দল গতিকে তেওলোক পূৰ্বৰে পৰাই ৰাইজৰ দলৰ লগত নাই। ইপিনে কংগ্ৰেছে ৰাইজৰ দলক সমালোচনা কৰা সন্দৰ্ভত তেও কয় জাকিৰ হুছেইন শিকদাৰেহে মুখ্যমন্ত্ৰীৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰে। জাকিৰ হুছেইন শিকদাৰে তেওঁৰ প্ৰতিদ্বন্দীক ধ্বংস কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সহায় লয়।কংগ্ৰেছ দলে ছটা সমষ্টিৰ ভিতৰত এটা বা দুটা সমষ্টি ৰাইজৰ দলক এৰি দিলেহে ৰাইজৰ দলে কংগ্ৰেছ দলৰ সৈতে সহযোগিতা কৰিব কিন্তু অখিল গগৈৰ মতে কংগ্ৰেছৰ মতি গতি ভাল নহয়।আজিৰ কংগ্ৰেছী কাইলৈ বিজেপি, আজিৰ বিজেপি কাইলৈ কংগ্ৰেছী। কংগ্ৰেছ মানেই বিজেপি, বিজেপি মানেই কংগ্ৰেছ। কংগ্ৰেছৰ মাজত আদৰ্শগত দৃঢ়তা নাই, সুবিধাবাদী স্বভাৱ চলি আছে কংগ্ৰেছত। কংগ্ৰেছক ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনিৰে ৰিজনি অখিল গগৈৰ। যদি সচাকৈয়ে কংগ্ৰেছ দলে বিজেপিক পৰাভূত কৰিবলৈ বিচাৰে তেন্তে এক হ'ব।অন্যহতে কংগ্ৰেছে বিজেপিক জয়ী কৰাবলৈ হ'লে ভাগ ভাগ হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|