আজি অসমৰ চাৰি সমষ্টিৰ উপ–নিৰ্বাচনৰ ফলাফল, কোনে মাৰিব শেষ হাঁহি?

ছিকিমৰ তিনিটা, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ এটা সমষ্টিতো আজি উপ–নিৰ্বাচনৰ ভোটগণনা।

News18-Assam
Updated:October 24, 2019, 7:46 AM IST
আজি অসমৰ চাৰি সমষ্টিৰ উপ–নিৰ্বাচনৰ ফলাফল, কোনে মাৰিব শেষ হাঁহি?
ছিকিমৰ তিনিটা, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ এটা সমষ্টিতো আজি উপ–নিৰ্বাচনৰ ভোটগণনা।
News18-Assam
Updated: October 24, 2019, 7:46 AM IST
আজি অসমৰ চাৰি সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা উপ–নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। অসমৰ ৰঙাপৰা, ৰাতাবাৰী, সোণাৰি আৰু জনিয়া সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল উপ–নিৰ্বাচন। নিৰ্ণয় হ’ব ২০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। ২১ অক্টোবৰত সমষ্টিকেইটাত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

ৰঙাপৰা সমষ্টিত নিৰ্বাচনী যুঁজত নামিছিল ৫ গৰাকী প্ৰাৰ্থী। বিজেপিৰ ৰাজেন বৰঠাকুৰ আৰু কংগ্ৰেছৰ কাৰ্তিক কুৰ্মীৰ মাজতে মূল যুঁজ হ’ব বুলি ধাৰণা কৰা হৈছে সমষ্টিটোত।

সোণাৰি সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে দুগৰাকী প্ৰাৰ্থী। সমষ্টিটোত বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈ আৰু কংগ্ৰেছ প্ৰাৰ্থী সুশীল কুমাৰ চুৰীৰ মাজত হৈছে প্ৰতিদ্বন্দ্বিতা।

ৰাতাবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠ চাৰিগৰাকী প্ৰাৰ্থীয়ে। সমষ্টিটোত বিজেপিৰ বিজয় মালাকাৰ আৰু কংগ্ৰেছৰ কেশৱ প্ৰসাদ ৰজকৰ মাজত হ’ব মূল প্ৰতিদ্বন্দ্বিতা।

আনহাতে, জনিয়া সমষ্টিত সৰ্বাধিক ৯গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনত। সমষ্টিটোত বিজেপিৰ তৌফিকুৰ ৰহমান, কংগ্ৰেছৰ ছামছুল হক আৰু AIUDFৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ মাজত ত্ৰিকোণীয় যুঁজ।

উপ–নিৰ্বাচনত ৭৪.১৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ। ইয়াৰ ভিতৰত ৰঙাপৰাত ৭৭.৮০ শতাংশ, সোণাৰিত ৭১.৩০ শতাংশ, ৰাতাবাৰীত ৭৪.৭৩ শতাংশ আৰু জনিয়াত ভোটদান হৈছে ৭৯.০৮ শতাংশ।

ছিকিম

ছিকিমত তিনিটা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে উপ–নিৰ্বাচন। মুঠ ৬৯.৫৫ শতাংশ ভোটদান হৈছে ৰাজ্যখনত। পোকলক কামৰাঙত ৭৯.৩৬ শতাংশ, মাৰতম–ৰুমটেকত ৭২.৬০ শতাংশ আৰু গেংটকত ৫২.০৩ শতাংশ ভোটদান হৈছে। পোকলক কামৰাং সমষ্টিত নিৰ্বাচনী যুঁজত নামিছে তিনিগৰাকী প্ৰাৰ্থী। মাৰতম–ৰুমটেকত ৬গৰাকী প্ৰাৰ্থী আৰু গেংটকত অৱতীৰ্ণ হৈছে মুঠ ৬গৰাকী প্ৰাৰ্থী। ৰাজ্যখনত ছিকিম ক্ৰান্তিকাৰী মৰ্চা আৰু বিজেপিয়ে একেলগে খেলিছে নিৰ্বাচন।

অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশত এটা সমষ্টিত অনুষ্ঠিত হৈছে উপ–নিৰ্বাচন। খনচা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত মুঠ ৯০.৭৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ। দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত পোনপটীয়া যুঁজ। চাকাট আবহ আৰু আজেট হমটকৰ ভাগ্য বন্দী হৈছে ই ভি এমত।

মেঘালয়
মেঘালয়তো এখন আসনৰ বাবে অনুষ্ঠিত হৈছে উপ–নিৰ্বাচন। ছেলা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা উপ–নিৰ্বাচনত ভোটদানৰ হাৰ ৭৯.৮৩ শতাংশ। মুঠ ৬গৰাকী প্ৰাৰ্থী নামিছে নিৰ্বাচনী যুঁজত। UDPৰ বালাজিয়েড ছিনৰেম, কংগ্ৰেছৰ বাটিংছেইন ৰিংগা, PDFৰ মাছজ’ ৱানশ্বেট, BJPৰ জছোৱা ৱাৰজ্ৰি আৰু নিৰ্দলীয় প্ৰাৰ্থী গ্ৰেচ মেৰী খাৰপুৰী আৰু কমেন লাইটমনৰ মাজত প্ৰতিদ্বন্দ্বিতা। ২৮ জুলাইত বিধায়ক ডনকুপাৰ ৰয়ৰ মৃত্যুৰ বাবে খালী হৈ আছিল সমষ্টিটো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি