''বিজেপিৰ লগত ইউপিপিএলৰ মিত্ৰতা এতিয়াও অক্ষত আছে। সমাগত উপ-নিৰ্বাচনত বিজেপিৰ লগত আমাৰ মিত্ৰতাহে হৈছে। কাইলৈ গোসাঁইগাঁওত ইউপিপিএলৰ কৰ্মীসভাত কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা গুৱাহাটী উন্নয়ন বিভাগ, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ উপস্থিতিয়ে তাৰ প্ৰমাণ কৰিব।''-গোসাঁইগাঁও প্ৰেছ ক্লাবত মঙলবাৰে বিয়লি চাৰি বজাত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীৰ।
সংবাদ মেলত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয় যে বিগত বিধানসভা নিৰ্বাচনত বিপিএফ দল কংগ্ৰেছ মিত্ৰজোঁটত আছিল বাবে জিকিছিল। কিন্তু মিত্ৰজোঁটৰ কংগ্ৰেছ, এ আই ইউডিএফ দলে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে সম্প্ৰতি বিপিএফৰ গণভিক্তি শূন্য। বিপিএফ প্ৰতিদ্বন্দ্বিতাতে নাহে, যি প্ৰতিদ্বন্দ্বিতা হয়, সেয়া কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগত হ'ব। আগন্তুক ৭ অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোসাঁইগাঁৱত ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।
সংবাদ মেলত গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে কয় যে গোসাঁইগাঁৱত ইউপিপিএলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোনো নাই। তেওঁ কয়– ''ইউপিপিএল চৰকাৰ মিত্ৰজোঁটত আছে। ৰাইজে চৰকাৰী পক্ষক আঁকোৱালি ল'ব। সমষ্টিবাসী আমাৰ লগত আছে, আমাক বিপুল ভোটত জয়যুক্ত কৰিব। সোণকোষ নৈৰ গঢ়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান, ৰাস্তা-দলং পকীকৰণ, গোসাঁইগাঁও চহৰক মডেল টাউন বনোৱাৰ চৰকাৰে লোৱা প্ৰস্তাৱৰ সঠিক ৰূপায়ন আদিকে ধৰি বিভিন্ন সমস্যাক গুৰুত্ব দিয়া হ'ব।''
ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু কুমাৰ ব্ৰহ্মৰ পৰিচালনাত অনুষ্ঠিত সভাত ইউপিপিএলৰ সাংগঠনিক সম্পাদিকা মফিদা খাতুন, ছিদলী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ চেত্ৰী, স্থানীয় নেতা ধজেন্দ্ৰ ৰাভা আদিকে ধৰি বিভিন্ন নেতৃবৃন্দ উপস্থিত থাকে সংবাদ মেলত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|