মুখ্যপৃষ্ঠা »খবৰ »অসম »Bye Election in BTC : কাইলৈ ৪ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত, বিটিচিৰ কোকলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু জিলা প্ৰশাসন

Bye Election in BTC : কাইলৈ ৪ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত, বিটিচিৰ কোকলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাজু জিলা প্ৰশাসন

সমষ্টিটোৰ ৯৭টা কেন্দ্ৰত ৭২,৪১৬ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য

সমষ্টিটোৰ ৯৭টা কেন্দ্ৰত ৭২,৪১৬ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য

সমষ্টিটোৰ ৯৭টা কেন্দ্ৰত ৭২,৪১৬ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য

  • Share this:
কাইলৈ অনুষ্ঠিত হ'ব বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ৷ সমষ্টিটোৰ ৯৭টা কেন্দ্ৰত ৭২,৪১৬ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব চাৰিগৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইয়াৰে পুৰুষ ভোটাৰ ৩৫,৭৫৬ গৰাকী আৰু মহিলা ভোটাৰ ৩৬,৬৬০ গৰাকী ৷

ইতিমধ্যে শান্তিপূৰ্ণ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসন ৷ ভোটকেন্দ্ৰসমূহলৈও ৰাওনা হৈছে প্ৰিজাইডিং বিষয়াৰ লগতে  প'লিং বিষয়াসকল ৷ বেলট পেপাৰ, বেলট বক্সকে ধৰি সকলো যাৱতীয় সামগ্ৰী লৈ কোকলাবাৰী পৰিষদীয়  সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে যদিও হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনটোত নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ যাব লগা হোৱাত কিছু প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷

ইতিমধ্যে নিৰ্বাচনী কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বুলি জানিবলৈ দিয়ে নিৰ্বাচনী বিষয়া আশ্ৰাফুল আমিনে৷ তেওঁ জানিবলৈ দিয়া অনুসৰি, পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ  ভোটগ্ৰহণ অনুষ্ঠিত হ'ব (Bye Election in BTC)।

উল্লেখ্য, পৰিষদীয় সমষ্টিটোৰ মুঠ ৯৭টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷ আনহাতে নিৰাপত্তাৰ ক্ষেত্ৰত  ৫টা জ'ন আৰু ১০টা ছেক্ট'ৰ অনুসৰি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ লগতে  সমষ্টিটোৰ বাবে প্ৰায় পাঁচ শতাধিক বিষয়া-কৰ্মচাৰীক নিয়োজিত কৰা হৈছে।

উল্লেখ্য যে UPPL মিত্ৰজোঁটৰ মন্টু বড়ো, BPFৰ শংকৰ বসুমতাৰী, VPIৰ লৱ কুমাৰ বড়ো আৰু নিৰ্দলীয় হীৰেন শৰণীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে সমষ্টিত ৷ আনহাতেে অহা ১২ জুনত জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত স্থাপন কৰা ষ্ট্ৰংৰূমত ভোটগণনা কৰিব ৷

শেহতীয়া বাতৰি