মুখ্যপৃষ্ঠা » খবৰ

» অসম

»By-election on October 30: পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনত কোনে ক'ৰ পৰা বিচাৰিছে টিকট?

By-election on October 30: পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনত কোনে ক'ৰ পৰা বিচাৰিছে টিকট?

News18 Assam | News18-Assam
Updated:September 28, 2021, 3:48 PM IST
By-election on October 30: পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনত কোনে ক'ৰ পৰা বিচাৰিছে টিকট?
কংগ্ৰেছৰ ২৪জনে টিকট বিচাৰি কৰিছে আবেদনঃ জাকিৰ হুছেইন শিকদাৰ

কংগ্ৰেছৰ ২৪জনে টিকট বিচাৰি কৰিছে আবেদনঃ জাকিৰ হুছেইন শিকদাৰ

  • News18 Assam
  • Last Updated: September 28, 2021, 3:48 PM IST
  • Share this:

অৱশেষত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিধানসভাৰ উপ–নিৰ্বাচনৰ সময়সূচী ৷ মঙলবাৰে ঘোষণা কৰা উপ নিৰ্বাচনৰ সময়সূচী মতে ৩০ অক্টোবৰত অনুষ্টিত হ'ব উপ নিৰ্বাচন। দেশৰ মুঠ ৩০টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন ৷ অসমৰ পাঁচটা সমষ্টিত হ'ব উপ–নিৰ্বাচন ৷ উপ–নিৰ্বাচন অনুষ্ঠিত হ'ব পশ্চিম বংগৰ চাৰিটা সমষ্টিত আৰু বিহাৰৰ দুটা সমষ্টিতো অনুষ্টিত হ'ব উপ নিৰ্বাচন ৷


মঙলবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে অধিসূচনা জাৰি হ'ব ১ অক্টোবৰত ৷ মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ ৷ মনোনয়নপত্ৰ নিৰীক্ষণৰ অন্তিম দিন ১১ অক্টোবৰ ৷ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ ৷ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ৩০ অক্টোবৰত আৰু ভোট গণনা অনুষ্ঠিত হ'ব ২ নৱেম্বৰত ৷


এই সময়সূচী দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ লগে লগে শাসক-বিৰোধীৰ মাজত আৰম্ভ হ'ল উপ নিৰ্বাচন কেন্দ্ৰিক যুঁজৰ ৷ কঁকালত টঙালি বান্ধি উপ–নিৰ্বাচনৰ বাবে সাজু বুলি ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷



একেদৰে APCCৰ আনজন কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থয়ো উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছ সকলো প্ৰকাৰে সাজু বুলি বৰাকত ঘোষণা কৰে।


কংগ্ৰেছে ইতিমধ্যে উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা মনোনয়ন–পত্ৰৰ বাবে আবেদন পত্ৰ বিচাৰিছিল। এই হিচাপত পাঁচটা সমষ্টিৰ পৰা মুঠ ২৪জনে টিকট বিচাৰি প্ৰদেশ কংগ্ৰেছক আবেদন কৰিছে । কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে সদৰী কৰা মতে, মৰিয়নিৰ পৰা দহজনে, থাউৰাৰ পৰা পাঁচজনে, ভৱানীপুৰৰ পৰা ১১জনে, তামুলপুৰৰ পৰা চাৰিজনে আৰু গোঁসাইগাঁৱৰ পৰা চাৰিজনে বিচাৰিছে টিকট ৷


ইপিনে শাসকীয় মিত্ৰজোঁটে পাঁচটা সমষ্টিৰ বাবে সাজু হৈছে ৷ ইতিমধ্যে জানিব পৰা মতে কংগ্ৰেছৰ পৰা আহি BJPত যোগ দিয়া ৰূপজ্যোতি কুৰ্মীয়ে পাব মৰিয়নিৰ টিকট ৷ থাউৰাত টিকট দিব সুশান্ত বৰগোহাঁয়ে ৷


AIUDFৰ পৰা আহি BJPত যোগ দিয়া ফণী তালুকদাৰক দিব ভৱানীপুৰৰ টিকট ৷ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ UPPLক এৰি দিব তামুলপুৰ আৰু গোঁসাইগাঁও সমষ্টি।



উপ–নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পিছতে তাৎক্ষণিকভাৱে মাজুলীৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷


সোমবাৰে ৰাজ্যসভালৈ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা সৰ্বানন্দ সোণোৱালে  মঙলবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত পৰৱৰ্তীকালত নিৰ্বাচন আয়োগে মাজুলীৰ বাবেও উপ নিৰ্বাচনৰ দিন ঘোষণা কৰিব ৷

Published by: Gautam Barman
First published: September 28, 2021, 3:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি