• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিত শনিবাৰে অনুষ্ঠিত হ'ব উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ 

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিত শনিবাৰে অনুষ্ঠিত হ'ব উপ–নিৰ্বাচনৰ ভোটগ্ৰহণ 

২০২১ত এই পাঁচোটা সমষ্টিৰ মাথোঁ এটা সমষ্টিহে লাভ কৰিছিল বিজেপি মিত্ৰজোঁটে৷

২০২১ত এই পাঁচোটা সমষ্টিৰ মাথোঁ এটা সমষ্টিহে লাভ কৰিছিল বিজেপি মিত্ৰজোঁটে৷

২০২১ত এই পাঁচোটা সমষ্টিৰ মাথোঁ এটা সমষ্টিহে লাভ কৰিছিল বিজেপি মিত্ৰজোঁটে৷

  • Share this:
থাওৰা, মৰিয়নী,গোঁসাইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰৰ উপ–নিৰ্বাচনৰ বাবে আজিয়েই ৰাওনা হৈছে প্ৰিজাইডিং, প’লিং অফিচাৰকে ধৰি দায়িত্বত থকা বিষয়া–কৰ্মচাৰী৷ শনিবাৰে অনুষ্ঠিত হ'ব ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত উপ–নিৰ্বাচন৷ এই পাঁচটা সমষ্টিত ২০২১ৰ নিৰ্বাচনত কি হৈছিল৷ কোনে পাইছিল কিমান ভোট?

২০২১ত এই পাঁচোটা সমষ্টিৰ মাথোঁ এটা সমষ্টিহে লাভ কৰিছিল বিজেপি মিত্ৰজোঁটে৷ বিজেপি মিত্ৰজোঁটে লাভ কৰা একমাত্ৰ তামুলপুৰ সমষ্টিটোত UPPLৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৱে লাভ কৰিছিল ৭৮,৮১৮টা ভোট৷ সমষ্টিটোত কংগ্ৰেছ মহাজোঁটৰ বিপিএফৰ প্ৰাৰ্থী ৰাংজা খুংগুৰ বসুমতাৰীয়ে পাইছিল ৪৬,৬৩৫টা ভোট৷ তৃতীয় স্থানত আছিল নিৰ্দনলীয় কেশৱ চন্দ্ৰ ৰাজবংশী৷ তেওঁ লাভ কৰিছিল ১৪,৩৭৯টা ভোট৷ সমষ্টিটোত NOTA ভোট পৰিছিল ২৫৬২টা৷ ৰিজেক্ট হৈছিল ১৩৯টা ভোট৷

ইয়াৰ বিপৰীতে গোঁসাইগাঁও সমষ্টিটোত বিপিএফৰ প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে লাভ কৰিছিল ৭০,৪০৭টা ভোট৷ য'ত, UPPLৰ প্ৰাৰ্থী সোমনাথ নাৰ্জাৰীয়ে পাইছিল ৬০,০৬৪টা ভোট৷ সমষ্টিটোত তৃতীয় স্থানত আছিল নিৰ্দলীয় প্ৰাৰ্থী খাইনুৰ আনম খণ্ডকাৰে পাইছিল ৯১৭৪টা ভোট৷ য'ত NOTA ভোট আছিল ১৮০১টা৷ ৰিজেক্ট হৈছিল ৮৫টা ভোট৷

উপ–নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ভৱানীপুৰত AIUDFএৰি বিজেপিলৈ অহা ফণীধৰ তালুকদাৰে পাইছিল ৫৫,৯৭৫টা ভোট। য'ত, বিজেপি মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ৰঞ্জিত ডেকাই লাভ কৰিছিল ৫২,৭৪৮টা ভোট৷ সমষ্টিটোত তৃতীয় স্থানত আছিল নিৰ্দলীয় প্ৰাৰ্থী আবুল কালাম আজাদ৷ ভোট লাভ কৰিছিল ৫,৪০০টা৷ য'ত NOTA ভোট আছিল ১০৩৭টা আৰু ৰিজেক্ট ২২০টা ভোট৷

ঠিক একেদৰে থাওৰা সমষ্টিত কংগ্ৰেছ এৰি বিজেপিলৈ অহা সুশান্ত বৰগোহাঁয়ে লাভ কৰিছিল ৪৮,০২৬টা ভোট, সমষ্টিটোত কুশল দুৱৰীয়ে পাইছিল ৪৬,০২০টা ভোট৷ অজাপ প্ৰাৰ্থী দ্বীপেন তাঁতীয়ে পাইছিল ১৭০৫টা ভোট৷ য'ত ন'টা ভোট পৰিছিল ১১৪৬টা৷ ৰিজেক্ট হৈছিল ৩১৯টা ভোট৷

একেদৰে, উপ নিৰ্বাচন অনুষ্ঠিত হ'ব লগীয়া মৰিয়নী বিধানসভা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে পাইছিল ৪৭,৩০৮টা ভোট য'ত, বিজেপিৰ ৰমণী তাঁতীয়ে পাইছিল ৪৪,৮৬২টা ভোট৷ সমষ্টিটোত অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰে পাইছিল ১৬১২টা ভোট আৰু তৃতীয় স্থানত আছিল NOTA, পৰিছিল ২০৫৬টা ভোট৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি