ৰাজ্যত হ'ব লগা উপ-নিৰ্বাচনক লৈ ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ ৷ বাক্সা জিলাৰ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিতো বলিছে নিৰ্বাচনী বতাহ ৷ ইউ পি পি এলৰ বিধায়ক লেহোৰাম বড়োৰ আকস্মিক মৃত্যুত খালী হৈছিল তামুলপুৰ বিধানসভা আসনখন ৷ আজি তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা চাৰিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ৷ সম্পূৰ্ণ কোভিড প্ৰট'কল মানি বাক্সাৰ মুছলপুৰৰ জিলা উপায়ুক্তৰ কাৰ্যলয়ত মনোনয়ন পত্ৰ দাখিল কৰে ইউপিপিএলৰ প্ৰাৰ্থী জলেল দৈমাৰী, কংগ্ৰেছৰ প্ৰাৰ্থী ভাস্কৰ দাহাল, নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰী আৰু গণেশ কছাৰীয়ে ৷
চাৰিগৰাকী প্ৰাৰ্থীয়ে পৃথকে নিৰ্বাচনী বিষয়া আশ্ৰাফুল আমিনৰ ওচৰত মনোনয়ন–পত্ৰ দাখিল কৰে ৷ উল্লেখ্য যে তামুলপুৰত এইবাৰ জমি উঠিব নিৰ্বাচনী যুঁজ ৷ বিজেপি দলে মিত্ৰদল ইউ পি পি এলক তামুলপুৰ বিধানসভা সমষ্টিটো এৰি দিয়াত বিজেপি দলৰ ৰাজ্যিক সদস্য তথা প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰি ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ পৰা নিশ্চিতভাৱে বিজয়ী হ'ব বুলি কয় ৷
লগতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে বিটিচিত বিজেপিয়ে কোনো কাৰণতে নিৰ্বাচনী যুঁজত অংশ নলয় ৷ সেয়ে প্ৰমোদ বড়োক হেঁচা প্ৰয়োগৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে ইউ পি পি এলৰ প্ৰাৰ্থীক সংগ দি ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাসে ইমানুৱেল মুছাহাৰীক মনোনয়ন উঠাই লোৱাৰ বাবে সংবাদ মাধ্যমত আহ্বান জনায় ৷ সেইদৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ইমানুৱেল মুছাহাৰীয়ে ৰাষ্ট্ৰীয় দলত থাকি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি কয় ৷
আনহাতে সমষ্টিটোৰ পৰা ইউ পি পি এল দলৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভাস্কৰ দাহালেও মনোনয়ন পত্ৰ দাখিল কৰে ৷ ভাস্কৰ দাহালক কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সংগ প্ৰদান কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|