• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam By Election: ৫ সমষ্টিৰ ৩৯ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়োগৰ

Assam By Election: ৫ সমষ্টিৰ ৩৯ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়োগৰ

১৬ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

১৬ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

১৬ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

  • Share this:

পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে ইতিমধ্যে নিৰীক্ষণ কৰিছে। মনোনয়ন পত্ৰৰ লগত দাখিল কৰা সকলো নথি আৰু তথ্যপাতি পৰীক্ষণ কৰি সোমবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে সদৰী কৰিলে মনোনয়ন বৈধ্য হোৱা প্ৰাৰ্থীৰ তালিকা ৷ এই তালিকা মতে পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়নৰ ভিতৰত ৩৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ৷


বৈধ মনোনয়ন পত্ৰৰ তালিকাত আছে BJPৰ তিনিজন প্ৰাৰ্থী, কংগ্ৰেছৰ পাঁচজন, CPIৰ এজন, UPPLৰ দুজন, BPFৰ এজন, ভোটাৰছ পাৰ্টী ইণ্টাৰনেচনেলৰ তিনিজন, অসম সংগ্ৰামী মঞ্চৰ এজন, গণ সুৰক্ষা পাৰ্টীৰ দুজন আৰু নিৰ্দলীয় ১৮জনৰ নাম ৷


৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া থাওৰা, মৰিয়নি, তামুলপুৰ, ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰ উপ–নিৰ্বাচনৰ বাবে অহা ১৬ অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিমটো দিন।

Published by:Gautam Barman
First published: