মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উপ–নিৰ্বাচন! কংগ্ৰেছে আহ্বান কৰিলে প্ৰাৰ্থিত্বপ্ৰয়াসীৰ পৰা আবেদন পত্ৰ

উপ–নিৰ্বাচন! কংগ্ৰেছে আহ্বান কৰিলে প্ৰাৰ্থিত্বপ্ৰয়াসীৰ পৰা আবেদন পত্ৰ

News18 Assam | News18-Assam
Updated:September 19, 2021, 7:08 PM IST
উপ–নিৰ্বাচন! কংগ্ৰেছে আহ্বান কৰিলে প্ৰাৰ্থিত্বপ্ৰয়াসীৰ পৰা আবেদন পত্ৰ
আবেদন পত্ৰৰ সৈতে জমা দিব নালাগে কোনো মাচুল।

আবেদন পত্ৰৰ সৈতে জমা দিব নালাগে কোনো মাচুল।

  • News18 Assam
  • Last Updated: September 19, 2021, 7:08 PM IST
  • Share this:

বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বপ্ৰয়াসীৰ পৰা আবেদন পত্ৰ আহ্বান কৰিছে অসম প্ৰদেশ কংগ্ৰেছ (APCC)–এ।


২৭ ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব প্ৰাৰ্থিত্বপ্ৰয়াসীসকলে৷ ছটা সমষ্টি ক্ৰমে ১) মাজুলী, ২) থাউৰা, ৩) মৰিয়নি, ৪) তামোলপুৰ, ৫) গোসাঁইগাঁও আৰু ৬) ভৱানীপুৰত অনুষ্ঠিত হ'ব উপ–নিৰ্বাচন ৷


কংগ্ৰেছৰ পৰা টিকট বিচৰাসকলে আবেদন পত্ৰৰ সৈতে কোনো মাচুল জমা দিব নালাগে বুলি সদৰী কৰিছে APCCৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই৷ আবেদন পত্ৰ APCCৰ সভাপতি ভূপেন বৰাৰ হাতত জমা দিব লাগিব।



আবেদন পত্ৰৰ প্ৰতিলিপি সংশ্লিষ্ট জিলা কংগ্ৰেছ কমিটী, সমষ্টিটোৰ অন্তৰ্গত ব্ল'ক কংগ্ৰেছ কমিটী, APCCয়ে প্ৰতিটো সমষ্টিৰ বাবে গঠন কৰি দিয়া সমিতিৰ সভাপতিক জমা দিব লাগিব।

Published by: Gautam Barman
First published: September 19, 2021, 7:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি