মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ-ৰাইজৰ দল! স্থিতি স্পষ্ট কৰিলে বিধায়ক অখিল গগৈয়ে

বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ-ৰাইজৰ দল! স্থিতি স্পষ্ট কৰিলে বিধায়ক অখিল গগৈয়ে

News18 Assam | News18-Assam
Updated:August 8, 2021, 2:30 PM IST
বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ-ৰাইজৰ দল! স্থিতি স্পষ্ট কৰিলে বিধায়ক অখিল গগৈয়ে
কংগ্ৰেছ,ৰাইজৰ দল,জাতীয় পৰিষদ, চি পি আই এম আৰু আন আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰোঃ অখিল গগৈ

কংগ্ৰেছ,ৰাইজৰ দল,জাতীয় পৰিষদ, চি পি আই এম আৰু আন আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰোঃ অখিল গগৈ

  • Share this:
ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে উপ নিৰ্বাচনৰ বতাহ। খালী হোৱা ৫ খন বিধানসভা আসনৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাইজৰ দল আৰু কংগ্ৰেছে। বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত দুয়োটা ৰাজনৈতিক দলে মিত্ৰতা স্থাপনৰ দিশে আগবাঢ়িছে। ইতিমধ্যে ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাক লগ ধৰি ইয়াৰ এক স্পষ্ট ইংগিত প্ৰদান কৰিছে। তাৰ মাজতে দেওবাৰে অনুষ্ঠিত হয় ৰাইজৰ দলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক। অখিল গগৈ জেলৰ পৰা ওলাই অহাৰ পিছত প্ৰথমখন কাৰ্য নিৰ্বাহক বৈঠক আৰম্ভ হয়।

বৈঠকৰ পিছতে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, 'উপ নিৰ্বাচনত সকলো বিৰোধী শক্তি একত্ৰিত হৈ খেলিব বিচাৰো। aiudfক আমি বিৰোধী শক্তিৰ লগত ল'ব নিবিচাৰো। কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ, চি পি আই এম আৰু আন আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰো। সকলো বিৰোধী দল একত্ৰিত হ'লে আমি আধা আসন দখল কৰিব পাৰিম। আজি বিয়লি পাঁচ বজাত কংগ্ৰেছৰ প্ৰতিনিধি আহিব ৰাইজৰ দলৰ কাৰ্যালয়লৈ। যদি একেলগ হৈ নেখেলে তেন্তে বিজেপিক ৱাক অভাৰ দিয়া হ'ব।'

ইয়াৰ লগতে অখিল গগৈয়ে আন আন প্ৰসংগতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শিৱসাগৰ সমষ্টিৰ বিধায়কজনে কয় যে, 'ক'ভিডৰ টিকাকৰণক লৈ আলোচনা কৰা হৈছে বৈঠকত। ক'ভিডৰ ভেকচিন পৰ্যাপ্ত পৰিমাণে দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে। তাৰ বাবে এই গৰিহণা জনাইছে ৰাইজৰ দলে। উত্তৰ-পূবৰ সকলো ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে দিব পৰা নাই ভেকচিন। ৩০ অক্টোবৰৰ ভিতৰত ৰাজ্যত ভেকচিন সম্পন্ন নহ'লে ৰাইজৰ দলে ধাৰাবাহিক আন্দোলন কৰিব।'

১ নৱেম্বৰ পৰা ৰাজ্যত হ'ব ৰাইজৰ দলৰ ধাৰাবাহিক আন্দোলন

'লকডাউনত ক্ষতিগ্ৰস্ত হোৱা লোকক চৰকাৰে উচিত পৰিমাণে ক্ষতিপূৰণ দিব পৰা নাই। ১৩ আগষ্টৰ পৰা লকডাউন আৰু ক'ভিডৰ সময়ত ক্ষতিগ্ৰস্থ লোৱা লোকক ক্ষতিপূৰণৰ কথা ঘষোণা নকৰিলে প্ৰচাৰ অভিযান আৰু আন্দোলনৰ ঘোষণা কৰিব ৰাইজৰ দলে। ৩১অক্টোবৰৰ ভিতৰত সকলো খেতিয়কৰ পৰা বড়ো আৰু আহু ধান ক্ৰয় কৰিবলৈ কৃষি বিভাগক আহ্বান। যদি নকৰে তেন্তে কৃষি বিভাগ আৰু এফ চি আইৰ বিৰুদ্ধে হ'ব আন্দোলন।'- এনেদৰে কয় অখিল গগৈয়ে।
Published by: Himangshu Bhuyan
First published: August 8, 2021, 2:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি