যুৱতীক গুলীওৱাৰ কথা স্বীকাৰ ৰাজেশ হিম্মৎসিংকাৰ, কি হৈছিল সেইদিনা নিশা?

গুলীচালনাৰ সময়ত কোঠাত নাছিল হিমৎসিংকাৰ পত্নী। অযথা পত্নীক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ হিম্মৎসিংকাৰ।

news18assam
Updated:July 9, 2019, 2:23 PM IST
যুৱতীক গুলীওৱাৰ কথা স্বীকাৰ ৰাজেশ হিম্মৎসিংকাৰ, কি হৈছিল সেইদিনা নিশা?
গুলীচালনাৰ সময়ত কোঠাত নাছিল হিমৎসিংকাৰ পত্নী। অযথা পত্নীক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ হিম্মৎসিংকাৰ।
news18assam
Updated: July 9, 2019, 2:23 PM IST
ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাই স্বীকাৰ কৰিলে যে তেওঁৰ পিষ্টলৰ পৰা ওলোৱা গুলীয়ে আঘাত কৰিছিল যুৱতীৰ ভৰিত। দুৰ্ঘটনাবশতঃ পিষ্টলৰ পৰা গুলী ওলাই লাগিছিল লস্কৰ উপাধিৰ যুৱতীগৰাকীৰ ভৰিত। হিম্মৎসিংকাৰ আমচৈৰ ঘৰত সংঘটিত হৈছিল এই ঘটনা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত সামান্য অসুস্থ হৈ পৰা হিম্মৎসিংকাক ভৰ্তি কৰোৱা হৈছে GMCHত। হাস্পতালত NEWS18ৰ সাংবাদিকৰ আগত এই মন্তব্য কৰে ব্যৱসায়ীজনে।

হিম্মৎসিংকাই কয় যে সেইদিনা বিয়লি প্ৰায় ৩.৩০ বজাত দুই যুৱকৰ সৈতে হিম্মৎসিংকাৰ ঘৰলৈ গৈছিল যুৱতীগৰাকী। হিম্মৎসিংকাৰ পিষ্টলটো চাবলৈ বিছাৰিছিল তিনিওজনে। চাই থাকোটেই দুৰ্ঘটনাবশতঃ ওলাই গৈছিল পিষ্টলৰ গুলী। সন্ধিয়া প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল এই ঘটনা। গুলীচালনাৰ সময়ত কোঠাত নাছিল হিমৎসিংকাৰ পত্নী। অযথা পত্নীক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ হিম্মৎসিংকাৰ।

ইফালে, হিম্মৎসিংকাৰ পত্নীয়ে সংবাদ মাধ্যমৰ আগত কয় যে সেই সময়ত মই কোঠাত নাছিলো। হঠাৎ মই এটা শব্দ শুনিছিলো আৰু কোঠালৈ আহি দেখিছিলো যুৱতীগৰাকীৰ ভৰিত তেজ ওলাই আছিল। তাৰ পিছতে মই সিঁহতক হাস্পতাললৈ লৈ গৈছিলো।
আৰু চাওক পৰৱৰ্তী বাতৰি