মুখ্যপৃষ্ঠা »খবৰ »অসম »Businessman Missing : ৰঙিয়াৰ পৰা সন্ধানহীন এগৰাকী ব্যৱসায়ী, হাতত ফটো লগত পুত্ৰক লৈ পত্নীয়ে বাটে বাটে বিচাৰিছে নিখোজ স্বামীক

Businessman Missing : ৰঙিয়াৰ পৰা সন্ধানহীন এগৰাকী ব্যৱসায়ী, হাতত ফটো লগত পুত্ৰক লৈ পত্নীয়ে বাটে বাটে বিচাৰিছে নিখোজ স্বামীক

Businessman Missing :  দেওবাৰে আবেলি ৰঙিয়াৰ পৰা গুৱাহাটীলৈ গৈ নিখোজ হৈ পৰে ব্যৱসায়ী মেৰাজ আলী

Businessman Missing : দেওবাৰে আবেলি ৰঙিয়াৰ পৰা গুৱাহাটীলৈ গৈ নিখোজ হৈ পৰে ব্যৱসায়ী মেৰাজ আলী

Businessman Missing : দেওবাৰে আবেলি ৰঙিয়াৰ পৰা গুৱাহাটীলৈ গৈ নিখোজ হৈ পৰে ব্যৱসায়ী মেৰাজ আলী

  • Share this:
    ৰঙিয়াৰ পৰা সন্ধানহীন হৈছে এগৰাকী ব্যৱসায়ী। গুৱাহাটীলৈ যোৱাৰ পথত সন্ধানহীন হৈছে ব্যৱসায়ীগৰাকী । নিৰুদ্দিষ্ট ব্যৱসায়ীগৰাকী হৈছে ৰঙিয়া নগৰৰ মেৰাজ আলী । এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়াত।

    দেওবাৰে আবেলি ৰঙিয়াৰ পৰা গুৱাহাটীলৈ গৈ নিখোজ হৈ পৰে ব্যৱসায়ী মেৰাজ আলী। বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ নোপোৱাত ৰঙিয়া আৰক্ষী থানাত গোচৰ দিয়ে পত্নীয়ে। কিন্তু আৰক্ষীয়েও মেৰাজ আলীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল।

    উপায়বিহীন হৈ হাতত সন্ধানহীন স্বমীৰ ফটো আৰু লগত নিজৰ একমাত্ৰ সন্তানক লৈ পত্নীয়ে বিভিন্ন ঠাইত বিচাৰি ফুৰিছে স্বামীক। ক'লৈ গ'ল ব্যৱসায়ীগৰাকী ! কোনো মানৱ সৰবৰাহকাৰীৰ কৱলত পৰিছে নেকি? নে নিৰুদ্দেশৰ অন্তৰালত কোনো দুষ্ট চক্ৰ জড়িত হৈ আছে ! এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছে পৰিয়ালবৰ্গ।

    শেহতীয়া বাতৰি