உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চামগুৰিত ব্যৱসায়ীক গুলীয়াই হত্যা, ঘৰৰ পদূলিতে দুৰ্বৃত্তই গুলীয়াই থৈ গ’ল ৰহিমউদ্দিনক

    চামগুৰিত ব্যৱসায়ীক গুলীয়াই হত্যা, ঘৰৰ পদূলিতে দুৰ্বৃত্তই গুলীয়াই থৈ গ’ল ৰহিমউদ্দিনক

    ৰহিমউদ্দিনক লগে লগে কাৱৈমাৰীৰ ৰাইজে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

    ৰহিমউদ্দিনক লগে লগে কাৱৈমাৰীৰ ৰাইজে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

    ৰহিমউদ্দিনক লগে লগে কাৱৈমাৰীৰ ৰাইজে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

    • Share this:
    পৱিত্ৰ ৰমজান মাহ চলি থকাৰ সময়তে চামগুৰিৰ কাৱৈমাৰীত সংঘটিত এক নৃশংস হত্যাকাণ্ডই ক্ষোভিত কৰি তুলিছে চামগুৰিৰ ৰাইজক। চামগুৰিৰ কাৱৈমাৰীৰ জনপ্ৰিয় ব্যৱসায়ী ৰহিমুদ্দিনক মঙলবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ পদূলিতে গুলীয়াই হত্যা কৰি পলায়ন কৰে। জানিব পৰা মতে, নামাজ পঢ়িবলৈ ঘৰৰ পৰা ওলাই অহা ৰহিমুদ্দিনক পূৰ্বৰে পৰা খাপ পিটি থকা দুৰ্বৃত্তই গুলীয়াই থৈ যায়। গুলীৰ শব্দ শুনি পৰিয়ালৰ লোক তথা ওচৰ-চুবুৰীয়াই দৌৰি আহি ৰহিমউদ্দিনক মুৰ্মূষু অৱস্থাত প্ৰত্যক্ষ কৰে।

    ৰহিমউদ্দিনক লগে লগে কাৱৈমাৰীৰ ৰাইজে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছতে শোকত ভাগি পৰে ৰহিমউদ্দিনৰ পৰিয়ালৰ লোক। ৰাইজক জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিব নোৱাৰা নগাঁও আৰক্ষীৰ বিৰুদ্ধেও ক্ষোভ উজাৰে পৰিয়ালে।

    আনহাতে, পৰিয়ালৰ লোকৰ মতে এই হত্যাকাণ্ডৰ আঁৰত আছে গভীৰ ষড়যন্ত্ৰ। পৰিয়ালৰ লোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ৰহিমউদ্দিন পূৰ্বতে কংগ্ৰেছৰ সৈতে জড়িত আছিল। কিন্তু নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ৰহিমউদ্দিনে বিজেপিত যোগ দিছিল। সেয়ে এই হত্যাকাণ্ড সংঘটিত হ'ল।

    উল্লেখযোগ্য যে, দীৰ্ঘদিনৰে পৰা চামগুৰিত একাংশ অপশক্তিয়ে অবৈধ অস্ত্ৰ-শস্ত্ৰৰে ব্যাপক অপৰাধজনিত কাৰ্যকলাপ সংঘটিত কৰি আহিছে যদিও নগাঁও জিলা প্ৰশাসনে ইয়াক নিৰ্মূল কৰাত ব্যৰ্থ হৈছে। এসময়ত এই অঞ্চলসমূহ বহু কুখ্যাত ডকাইতৰ ঘাটি হিচাপেও পৰিচিত আছিল। পৱিত্ৰ ঈদ-উল-ফিটৰৰ পূৰ্বে চামগুৰিত সংঘটিত হোৱা এনে জঘন্য ঘটনাই ৰাইজক ক্ষোভিত কৰি তুলিছে।
    Published by:Sanjay Kumar Das
    First published: