ৰাজ্যৰ ডেম্পসমূহ এতিয়া অবৈধ কৰ্মকাণ্ড আৰু অপৰাধৰ কেন্দ্ৰস্থলীত পৰিণত হৈছে। মৰিয়নিৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত এগৰাকী ডেম্পৰ ব্যৱসায়ীৰ গৃহত আৰক্ষীয়ে অভিযান চলাই বৃহৎ সংখ্যক অবৈধ লালীগুৰৰ লগতে লক্ষাধিক মূল্যৰ চুৰি লোহাৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ডেম্প ব্যৱসায়ৰ গইনা লৈ অবৈধ লালীগুৰৰ এখন বিশাল সাম্ৰাজ্য চেলেংহাটৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত চলাই অহাৰ অভিযোগ উঠিছিল আহিদুৰ আলী ওৰফে গোলাম নামৰ অবৈধ ব্যৱসায়ীজনৰ বিৰুদ্ধে।
চেলেংহাটৰ কলিয়াপানী হাটখোলাত থকা অবৈধ ব্যৱসায়ীজনৰ প্ৰাসাদোপম বাসগৃহৰ চৌহদত থকা ডেম্পটোত অভিযান চলাইছিল টীয়ক থানা আৰু চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয় অজিত টেৰং আৰু গুণীন চুতীয়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে।
আৰক্ষীৰ অভিযান কালত ডেম্পটোৰ পৰা ৩২ টিং অবৈধ লালীগুৰ লগতে তেল পৰিবাহী পাইপ, পানীৰ পাইপৰ লগতে কেইবাটাও ভাল্ব উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে চেলেং চাহ বাগিচা আৰু মাজনৈ চাহ বাগিচাত অ' এন জিচিৰ অধীনৰ আমগুৰি অইল ফিল্ডত তেল খনন কৰা পূৰ্বৰ কেনেৰু কোম্পানীৰ দুটা তেল খাটৰ পৰা তেল পৰিবাহী পাইপ আৰু লোহাকে ধৰি মূল্যৱান সামগ্ৰী ধাৰাবাহিকভাৱে চুৰ হৈছিল। কিন্তু আৰক্ষীয়ে চুৰি সামগ্ৰী উদ্ধাৰ কৰাটো দূৰৰে কথা চুৰি চক্ৰৰ সম্ভেদ উলিয়াবলৈকে সক্ষম হোৱা নাছিল।
ইপিনে নিৰ্মাণৰত অৱস্থাত থকা গ্ৰেটাৰ চেলেংহাট পানী যোগান প্ৰকল্পৰ পানীৰ পাইপৰ লগতে কেইবাটাও ভাল্ব ডেম্পটোত উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণ কৰে যে অঞ্চলটোত এটা বৃহৎ লোহা চুৰি চক্ৰ সক্ৰিয় হৈ আছে। আহিদুৰ আলীক টীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছত অধিক সোধা-পোছৰ বাবে তিনি দিনৰ নিজৰ জিম্মাত লৈছে। আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰিলে আহিদুৰৰ ক'লা সাম্ৰাজ্যত জড়িত থকা কেইবাগৰাকীও ব্যক্তিৰ মুখ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|