ড্ৰাগছ ব্যৱসায়ত ধন বিনিয়োগ মাছখোৱাৰ ব্যৱসায়ীৰ, জালত পৰিল ব্যৱসায়ী চুনু আগৰৱালা

ব্যৱসায়ী চুনু আগৰৱালাই অধিক ধনৰ লাভত ড্ৰাগছ ব্যৱসায়ীক বিনিয়োগ কৰে ধন৷
ব্যৱসায়ী চুনু আগৰৱালাই অধিক ধনৰ লাভত ড্ৰাগছ ব্যৱসায়ীক বিনিয়োগ কৰে ধন৷
- News18 Assam
- Last Updated: December 4, 2020, 5:36 PM IST
অভিযোগ মতে, ব্যৱসায়ী চুনু আগৰৱালাই অধিক ধনৰ লাভত ড্ৰাগছ ব্যৱসায়ীক বিনিয়োগ কৰে ধন৷ দীৰ্ঘদিনে নামত DRY FRUITSৰ ব্যৱসায় কৰা চুনু আগৰৱালাই বছৰ বছৰ ধৰি ড্ৰাগছ মাফিয়াক ধন বিনিয়োগ কৰি কোটি কোটি টকা উপাৰ্জন কৰি অহাৰ তথ্য লাভ কৰিছে ক্ৰাইম বাঞ্চে৷
সন্দেহ কৰা হৈছে যে হয়তো মাছখোৱা আৰু ফাঁচী বজাৰৰ একাংশ ব্যৱসায়ীয়ে চুনু আগৰৱালাৰ দৰে একাংশ ড্ৰাগছ মাফিয়াক বিনিয়োগ কৰি আহিছিল টকা৷ যাৰ বাবে চুনু আগৰৱালাক সম্প্ৰতি জেৰা চলাই থকা হৈছে ক্ৰাইম বাঞ্চত৷ অচিৰে জালত পৰিব পাৰে ফাঁচীবজাৰ, মাছখোৱাৰ আৰু বহু ব্যৱসায়ী ৷