১০০ টকা কেজিত আলু বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল ব্যৱসায়ী, লকডাউনৰ সুযোগ লৈ লুটিছিল গ্ৰাহকক

News18 Assam | News18-Assam
Updated:June 29, 2020, 2:11 PM IST
১০০ টকা কেজিত আলু বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল ব্যৱসায়ী, লকডাউনৰ সুযোগ লৈ লুটিছিল গ্ৰাহকক
লকডাউনৰ সুযোগ বুজি লোকজনে ফল–মূল আৰু ফলৰ ৰসৰ দোকানতে বিক্ৰী কৰিছিল আলু, পিঁয়াজ, বিলাহী আদি পাচলি।

লকডাউনৰ সুযোগ বুজি লোকজনে ফল–মূল আৰু ফলৰ ৰসৰ দোকানতে বিক্ৰী কৰিছিল আলু, পিঁয়াজ, বিলাহী আদি পাচলি।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত মহানগৰীত পুনৰ ১৪দিনৰ লকডাউন ঘোষণা কৰা হৈছে। আজিৰে পৰা কাৰ্যকৰী হৈছে এই ১৪দিনীয়া লকডাউন। শুকুৰবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ কথা ঘোষণা কৰাৰ পিছতে শনিবাৰ আৰু দেওবাৰে মহানগৰীৰ দোকানসমূহত দেখা গৈছিল অভাৱনীয় ভিৰ। কোৰোণাৰ সংক্ৰমণৰ কথা পাহৰি একাংশ লোকে হেতা–ওপৰা লগালে দোকান–বজাৰত। আৰু তাৰেই সুযোগ ল’লে ব্যৱসায়ীসকলেও। লকডাউন ঘোষণাৰ লগে লগে মহানগৰীৰ প্ৰায়সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানেই বৃদ্ধি কৰিলে সামগ্ৰীৰ দাম।

দেওবাৰে সামগ্ৰীৰ অত্যধিক দাম লৈ মহানগৰীত গ্ৰেপ্তাৰ হ’ল এজন ব্যৱসায়ী। জু–ৰোড তিনিআলিস্থিত জুচী হাট নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী সুৰেন্দ্ৰ বাত্ৰাক গ্ৰেপ্তাৰ কৰে গীতানগৰ আৰক্ষীয়ে। লকডাউনৰ সুযোগ বুজি লোকজনে ফল–মূল আৰু ফলৰ ৰসৰ দোকানতে বিক্ৰী কৰিছিল আলু, পিঁয়াজ, বিলাহী আদি পাচলি।

অত্যধিক হাৰত দাম বৃদ্ধি কৰাৰ বাবে সুৰেন্দ্ৰ বাত্ৰাৰ বিৰুদ্ধে স্থানীয় ব্যৱসায়ী সন্থাই অভিযোগ দাখিল কৰিছিল আৰক্ষীক। তাৰ পিছতে গীতানগৰ থানাৰ আৰক্ষীয়ে দোকানখনত উপস্থিত হৈ আটক কৰে ব্যৱসায়ীজনক। অসাধু ব্যৱসায়ীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
First published: June 29, 2020, 2:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading