உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দক্ষিণ কামৰূপৰ মিৰ্জাত অপহৰণ কাণ্ড, দোকান বন্ধ কৰি ঘৰলৈ অহাৰ পথত ব্যৱসায়ীক অপহৰণ

    দক্ষিণ কামৰূপৰ মিৰ্জাত অপহৰণ কাণ্ড, দোকান বন্ধ কৰি ঘৰলৈ অহাৰ পথত ব্যৱসায়ীক অপহৰণ

    আন্ধাৰৰ বাবে স্থানীয় লোকে চিনাক্ত কৰিব নোৱাৰিলে দুৰ্বৃত্তৰ দলটোক।

    আন্ধাৰৰ বাবে স্থানীয় লোকে চিনাক্ত কৰিব নোৱাৰিলে দুৰ্বৃত্তৰ দলটোক।

    আন্ধাৰৰ বাবে স্থানীয় লোকে চিনাক্ত কৰিব নোৱাৰিলে দুৰ্বৃত্তৰ দলটোক।

    • Share this:
    দক্ষিণ কামৰূপৰ মিৰ্জাত অপহৰণ কাণ্ড। শনিবাৰে নিশা ৯ মান বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই মিৰ্জাৰ বিশিষ্ট ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ ওৰফে মণিক অপহৰণ কৰি নিয়ে। জানিব পৰা মতে, মিৰ্জাৰ চ’কৰ পৰা দোকান বন্ধ কৰি ঘৰলৈ উভতি গৈ থকা অৱস্থাত আধা বাটত বাট আগচি ধৰি চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তৰ এটা দলে মুনিন্দ্ৰ তালুকদাৰক ওৰফে মণিক অপহৰণ কৰে। আন্ধাৰৰ বাবে স্থানীয় লোকে চিনাক্ত কৰিব নোৱাৰিলে দুৰ্বৃত্তৰ দলটোক। অৱশেষত পলাশবাৰী আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

    আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাস্থলীৰ পৰা ৬ জাঁই সজীৱ গুলীসহ এটা মেগজিনৰ লগতে মুনিন্দ্ৰ কলিতাৰ বাহন উদ্ধাৰ কৰে। আৰক্ষীয়ে নিশা তদন্ত অব্যাহত ৰাখে যদিও কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰা নাই। আনকি অপহৰণকাৰী দলৰ পৰা মুক্তিপণৰ ফোন কলো বৰ্তমান অহা নাই বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।
    Published by:Sanjay Kumar Das
    First published: