• Home
  • »
  • News
  • »
  • assam
  • »
  • বাছ চলাচল বন্ধ হৈ থকাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ, কৰ পৰিশোধ কৰিবলৈয়ো অসমৰ্থ হৈ পৰিছে বহু পৰিবহন ব্যৱসায়ী

বাছ চলাচল বন্ধ হৈ থকাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ, কৰ পৰিশোধ কৰিবলৈয়ো অসমৰ্থ হৈ পৰিছে বহু পৰিবহন ব্যৱসায়ী

আনহাতে বেংকৰ ঋণ পৰিশোধকে ধৰি ইন্ধন আৰু গাড়ীৰ সামগ্ৰীৰ মূল্য বৃদ্ধিয়েও এইসকল পৰিবহন ব্যৱসায়ীক জুৰুলা কৰিছে বুলি মত ব্যক্ত কৰিছে ব্যৱসায়ীসকলে।

আনহাতে বেংকৰ ঋণ পৰিশোধকে ধৰি ইন্ধন আৰু গাড়ীৰ সামগ্ৰীৰ মূল্য বৃদ্ধিয়েও এইসকল পৰিবহন ব্যৱসায়ীক জুৰুলা কৰিছে বুলি মত ব্যক্ত কৰিছে ব্যৱসায়ীসকলে।

আনহাতে বেংকৰ ঋণ পৰিশোধকে ধৰি ইন্ধন আৰু গাড়ীৰ সামগ্ৰীৰ মূল্য বৃদ্ধিয়েও এইসকল পৰিবহন ব্যৱসায়ীক জুৰুলা কৰিছে বুলি মত ব্যক্ত কৰিছে ব্যৱসায়ীসকলে।

  • Share this:
ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছঅ'পি অনুসৰি আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে যদিও যাত্ৰীবাহী বাছসমূহৰ চলাচল বৰ্তমানো বন্ধ কৰি ৰাখিছে। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাছ মালিকসকলৰ মাজত। আৰ্থিকভাৱে জুৰুলা হৈ পৰা বাছ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই সিদ্ধান্ত পুনৰ এবাৰ বিবেচনা কৰি চাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।

সদৌ অসম বাছ মালিক সন্থাৰ বিষয়ববীয়া, যোৰহাট জিলা বাছ মালিক পৰিচালনা সমিতি, কেইবাটাও আগশাৰীৰ পৰিৱহন প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাছৰ চলাচল বন্ধ কৰি থোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কোভিড–১৯ পৰিস্থিতি তথা লকডাউনৰ সময়ছোৱাটো বাছ, ট্ৰেভেলাৰসমূহে বৃহৎ পৰিমাণৰ চৰকাৰী কৰ পৰিশোধ কৰিব লগা হৈছে।

আনহাতে বেংকৰ ঋণ পৰিশোধকে ধৰি ইন্ধন আৰু গাড়ীৰ সামগ্ৰীৰ মূল্য বৃদ্ধিয়েও এইসকল পৰিবহন ব্যৱসায়ীক জুৰুলা কৰিছে বুলি মত ব্যক্ত কৰিছে ব্যৱসায়ীসকলে। সেয়েহে ৰাজ্যত ৰে’ল চলাচল অব্যাহত থকাৰ সময়ত বাছ চলাচলৰ বিষয়টো পুনৰ বিবেচনা কৰি চোৱাৰ লগতে কৰসমূহকে ধৰি অন্যান্য বিষয়সমূহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক নতুনকৈ বিবেচনা কৰিবৰ বাবে ব্যৱসায়ীসকলে আহ্বান জনাইছে।

"চৰকাৰী কৰ আৰু বীমাৰ বাবে একোখন বাছৰ বাবে আমি বছৰি ডেৰ লাখৰ পৰা দুই লাখ টকাৰ ব্যয় বহন কৰিব লাগে। চৰকাৰে কৰৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া নাই। কেৱল সময়হে চেছেপ্টেম্বৰলৈকে বঢ়াই দিছে। বৰ্তমান আমাৰ সৈতে পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ পৰা কৰ পৰিশোধ কৰিবলৈ জনাই যোগাযোগ কৰি আছে। বেংকৰ পৰাও ঋণ পৰিশোধ কৰিবলৈ ফোন আহিয়েই আছে। আমি এক অসহায় অৱস্থাত পৰিছো। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীক এই বিষয়টোৰ ওপৰত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছো।", নীলকণ্ঠ ট্ৰেভেলছৰ স্বত্বাধিকাৰী অভিজিত বৰঠাকুৰে এনেদৰে কয়।

একেদৰে সদৌ অসম বাছ মালিক সন্থাৰ সম্পাদক অনুৰাগ গুপ্তাই কয় যে বিগত প্ৰায় চাৰে তিনিমাহত তেওঁলোকৰ ব্যৱসায় বিধ্বস্ত হৈ পৰিছে।

"আমাৰ কৰ্মচাৰীসকলক চলাবলৈ সমৰ্থ নোহোৱা হৈ হৈছে। আমি বৰ্তমান ফিটনেছকে চৰকাৰী কৰসমূহ দিব পৰা অৱস্থাত নাই। যোৱা প্ৰায় ডেৰ বছৰত কোভিড–১৯ পৰিস্থিতিৰ বাবে আমাৰ পৰিৱহন ব্যৱসায়ত বহুত প্ৰভাৱ পৰিছে। নচলাকৈ থকা বাবে আমাৰ গাড়ীসমূহটো বিভিন্ন কাৰিকৰী বিজুটিয়ে দেখা দিছে। গতিকে চৰকাৰক আহ্বান জনাইছো এটা উচিত ব্যৱস্থা লবলৈ।",  সদৌ অসম বাছ মালিক সন্থাৰ সম্পাদক অনুৰাগ গুপ্তাই এনেদৰে কয়।

ঠিক সেইদৰে ঋষি ইণ্ডিয়া ট্ৰেভেলছ, অৰটিভ ট্ৰেভেলছকে ধৰি বহুকেইটা পৰিবহন প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী তথা বাছ ব্যৱসায়ৰ সৈতে জড়িত কৰ্মচাৰীসকলে বাছ চলাচলৰ বিষয়টো পুনৰ বিবেচনা কৰি চাবলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে। 5৫০% যাত্ৰীৰে হ’লেও যদিহে বাছসমূহ চলাচল কৰিবলৈ দিয়া হয় তেন্তে হাজাৰ হাজাৰ লোকে সকাহ লাভ কৰিব বুলি মন্তব্য কৰিছে এইসকল লোকে।
Published by:Sanjay Kumar Das
First published: