কেৰালাত এতিয়াও প্ৰতিদিনে প্ৰায় ২০ হাজাৰৰ অধিক লোক কোভিডত আক্ৰান্ত হৈছে।
কেৰালাত এতিয়াও প্ৰতিদিনে প্ৰায় ২০ হাজাৰৰ অধিক লোক কোভিডত আক্ৰান্ত হৈছে।
কেৰালাৰ পৰা নগাঁৱলৈ অহা যাত্ৰীবাহী বাছৰ সেৱা শীঘ্ৰেই বন্ধ কৰাৰ দাবী তুলিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিধায়ক ৰূপক শৰ্মাই আজি নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত কয়, "নিৰ্বাচনৰে পূৰ্বৰে পৰা কেৰালাৰ পৰা নগাঁৱলৈ তাত কৰ্মৰত অসমৰ শ্ৰমিকক কঢ়িওৱা বাছসমূহে নগাঁৱত ব্যাপক অশান্তিৰ সৃষ্টি কৰিছে। নগাঁও বৰ্তমান কোভিডৰ পৰা মুক্ত হোৱাৰ দিশত আগবাঢ়িছে যদিও কেৰালাৰ বাছত অহা যাত্ৰীয়ে পুনৰ নগাঁৱত কোভিড বিয়পাইছে। কাৰণ কেৰালাত এতিয়াও প্ৰতিদিনে প্ৰায় ২০ হাজাৰৰ অধিক লোক কোভিডত আক্ৰান্ত হৈছে।"
আনহাতে কেৰালাৰ পৰা অহা বাছত অনৈতিক কাৰ্যকলাপ চলাৰ অভিযোগ তুলি বিধায়কগৰাকীয়ে শ্ৰীৰামপুৰ গে’টতে কেৰালাৰ বাছ বন্ধ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে।
ইপিনে কেৰালাৰ বাছত অনৈতিক কাৰ্যকলাপ চলি থকাৰ সন্দেহ প্ৰকাশ কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়েও। কাৰণ আজিৰ পৰা কিছুদিন পূৰ্বে কেৰালাৰ পৰা অহা বাছৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছিল। সেয়ে বৰ্তমান সকলোৱে কেৰালা-নগাঁও বাছসেৱা বন্ধ কৰাৰ দাবী তুলিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|