ৰঙিয়াত নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাল বাছ, নিৰ্বাচনৰ দায়িত্বত থকা সুৰক্ষাকৰ্মী কঢ়িয়াই আনিছিল বাছখনে

এই দুৰ্ঘটনাত বাছখনত থকা এজন আৰপিএছএফ জোৱান গুৰুতৰভাৱে আহত হোৱাৰ লগতে বহুকেইজন জোৱান কিছু পৰিমাণে আহত হয়।
এই দুৰ্ঘটনাত বাছখনত থকা এজন আৰপিএছএফ জোৱান গুৰুতৰভাৱে আহত হোৱাৰ লগতে বহুকেইজন জোৱান কিছু পৰিমাণে আহত হয়।
- News18 Assam
- Last Updated: April 7, 2021, 5:48 PM IST
দুৰ্ঘটনাটোত বহুকেইজন পথচাৰী কোনোমতে ৰক্ষা পৰে। এখন প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনাত বাছখনত থকা এজন আৰপিএছএফ জোৱান গুৰুতৰভাৱে আহত হোৱাৰ লগতে বহুকেইজন জোৱান কিছু পৰিমাণে আহত হয়।
পিছত আহত জোৱানক ৰঙিয়াৰ ৰে’লৱে পলিক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হয়। জোৱানকেইজনে পশ্চিম বংগৰ নিৰ্বাচনৰ দায়িত্বৰ বাবে আজি ৰাওনা হোৱাৰ বাবে ৰঙিয়ালৈ আহি আছিল।