• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাৰা বৃদ্ধি নকৰিলে গাড়ী চলোৱাটো আমাৰ বাবে সম্ভৱ নহয়: যোৰহাটৰ বাছ-ট্ৰেভেলাৰ সন্থাৰ ৫০% ভাৰা বৃদ্ধিৰে গাড়ী চলোৱাৰ সিদ্ধান্ত...

ভাৰা বৃদ্ধি নকৰিলে গাড়ী চলোৱাটো আমাৰ বাবে সম্ভৱ নহয়: যোৰহাটৰ বাছ-ট্ৰেভেলাৰ সন্থাৰ ৫০% ভাৰা বৃদ্ধিৰে গাড়ী চলোৱাৰ সিদ্ধান্ত...

যোৰহাটৰ পৰা চলাচল কৰিব লগা বাছ আৰু ট্ৰেভেলাৰসমূহে ৫০% ভাড়া বৃদ্ধি কৰি গাড়ী চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । পৰিবহণ মন্ত্ৰীগৰাকীয়ে যাত্ৰীবাহী গাড়ীৰ ভাৰা বৃদ্ধি কৰা নহয় বুলি জনোৱাৰ পিছতে যোৰহাটৰ তিনিটাকৈ বাছ , ট্ৰেভেলাৰ সন্থাই ৫০% ভাৰা বৃদ্ধি কৰি গাড়ী চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে সদৰী কৰিছে ।

  • Share this:
যোৰহাটৰ পৰা চলাচল কৰিব লগা বাছ আৰু ট্ৰেভেলাৰসমূহে ৫০% ভাড়া বৃদ্ধি কৰি গাড়ী চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্যৰ পৰিবহণ মন্ত্ৰীগৰাকীয়ে যাত্ৰীবাহী গাড়ীৰ ভাৰা বৃদ্ধি কৰা নহয় বুলি জনোৱাৰ পিছতে যোৰহাটৰ তিনিটাকৈ বাছ , ট্ৰেভেলাৰ সন্থাই চৰকাৰে নতুন এছ অ পি ঘোষণা কৰাৰ পাছত ৫০% ভাৰা বৃদ্ধি কৰি গাড়ী চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে সদৰী কৰিছে ।

ইতিমধ্যে এক সংবাদমেল যোগে যোৰহাট জিলা বাছ , ট্ৰেভেলাৰ মালিক পৰিচালনা সমিতি আৰু যোৰহাট জিলা দিবা-নৈশ বাছ মালিক সন্থাই বাছ ভাৰা বৃদ্ধি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিছে । সন্থাৰ বিষয়ববীয়াসকলে জনায় যে বৰ্তমান সময়ত ইন্ধনকে ধৰি গাড়ীৰ বিভিন্ন পাৰ্টছ আদিৰ অত্যাধিক মূল্যবৃদ্ধি ঘটাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ ভাৰাৰ নিৰিখত কোনোপধ্যেই গাড়ী চলাব নোৱাৰি । Covid পৰিৱেশৰ বাবে যোৱা পাচমাহে গাড়ীসমূহ বন্ধ ৰাখিব লগা হোৱাত যাৱতীয় মেৰামতি কৰিব লগা হৈছে বুলি সন্থাৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে । প্ৰায়বোৰ বাহনৰে টায়াৰ , বেটাৰীসমূহ নতুনকৈ লগাব লগা হৈছে । Covid পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি গাড়ীসমূহৰ চলাচল বন্ধ ৰখাত যাত্ৰীবাহী গাড়ীসমূহৰ গৰাকীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিবলৈ দি গাড়ীৰ গৰাকীসকলে কয় যে চৰকাৰে তেওঁলোকক কোনো ধৰণৰ ৰেহাই দিয়া নাই । তাৰ বিপৰীতে তেওঁলোকে চৰকাৰক সকলোধৰণৰ কৰ দিব লগা হৈছে । গাড়ীসমূহৰ চলাচল বন্ধ হৈ আছে যদিও ৩০ চেপ্টেম্বৰৰ পূৰ্বে টেক্সসমূহ দিবলৈ নিৰ্দেশ দিছে । আনহাতে গাড়ী নচলোৱাকৈ ইঞ্চুৰেঞ্চ , ফিটনেছ আদিত ব্যয় কৰিব লগা হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যাত্ৰীবাহী বাহনসমূহৰ গৰাকীসকলে । সেয়েহে ভাৰা বৃদ্ধি নকৰিলে গাড়ী চলাব পৰা নাযাব বুলি স্পষ্ট কৰি দিয়ে সন্থাৰ বিষয়ববীয়াসকলে ।

" ইঞ্চুৰেঞ্চ আৰু চৰকাৰক দিব লগা কৰৰ বিনিময়ত আমাৰ এখন বাছৰ ক্ষেত্ৰত বছৰি প্ৰায় দুই লাখ টকা ব্যয় হয় । বিগত কেইবামাহ ধৰি গাড়ীসমূহৰ চলাচল বন্ধ থকাত আমি ঋণ পৰিশোধ কৰিব পৰা নাই । ইন্ধনৰো বহু মূল্যবৃদ্ধি ঘটিল । কিন্তু চৰকাৰে আমাক কোনো ক্ষেত্ৰতে ৰেহাই দিয়া নাই । সেয়েহে ভাৰা বৃদ্ধি নকৰিলে গাড়ী চলোৱাটো আমাৰ বাবে সম্ভৱ নহয় । ", যোৰহাট জিলা দিবা-নৈশ বাছ মালিক সন্থাৰ বিসয়ববীয়া অভিজিত বৰঠাকুৰে এনেদৰে কয় ।

৫০% ভাৰা বৃদ্ধিৰ সিদ্ধান্ত সন্দৰ্ভত বিভাগীয় মন্ত্ৰীগৰাকীয়ে বিষয়টো বিবেচনা কৰি আলোচনালৈ অহাটো বিচাৰিছে গাড়ীৰ গৰাকীসকলে ‌। আনহাতে মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত হস্তক্ষেপ কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান জনায় সংবাদমেলত । ভাৰা বৃদ্ধিৰ বিষয়টো চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ আগ্ৰহী বাছ , ট্ৰেভেলাৰৰ মালিকসকল । আনহাতে বাছ ভাৰা বৃদ্ধি কৰাক লৈ আৰক্ষী-প্ৰশাসনে এই ক্ষেত্ৰত বাধা আৰোপ কৰিলে অনিৰ্দিষ্টকাললৈ গাড়ী চলোৱা বন্ধ কৰি দিব বুলি জানিবলৈ দিছে সন্থাৰ বিষয়ববীয়াসকলে । সংবাদমেলত দিবা-নৈশ বাছ মালিক সন্থাৰ অভিজিত বৰঠাকুৰ , ট্ৰেভেলাৰ মালিক সন্থাৰ ৰণজিৎ বৰা , বাছ মালিক পৰিচালনা সমিতিৰ অভিজিত বৰুৱা , উজনি অসম বাছ মালিক সন্থাৰ ৰাজীৱ বৰুৱা , উপদেষ্টা মুকুল চন্দ্ৰ বৰা , প্ৰমোদ গগৈ উপস্থিত থাকে ।
Published by:Kokil Sarma
First published: