বৰপেটাৰ হাউলীত ভয়ংকৰ দুৰ্ঘটনা, ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ

আহতসকলক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গুৰুতৰভাৱে আহত কেবাজনকো পিছত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

News18-Assam
Updated:October 15, 2019, 7:08 PM IST
বৰপেটাৰ হাউলীত ভয়ংকৰ দুৰ্ঘটনা, ৰৈ থকা ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ
আহতসকলক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গুৰুতৰভাৱে আহত কেবাজনকো পিছত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
News18-Assam
Updated: October 15, 2019, 7:08 PM IST
বৰপেটাৰ হাউলীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত৷ বৰপেটাৰোডৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ‘অনুস্কা’ নামৰ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এখন ৰৈ থকা ট্ৰেইলাৰত। হাউলীৰ ইটাৰভিঠাত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখনত থকা প্ৰায় ৪০ গৰাকী যাত্ৰীৰ ভিতৰত শিশু আৰু মহিলাকে ধৰি ২০জন যাত্ৰী আহত হৈছে এই দুৰ্ঘটনাত। আহতসকলক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। গুৰুতৰভাৱে আহত কেবাজনকো পিছত বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাছৰ চালকজনো।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি