পুনৰ NRCৰ শুনানিলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত, ছয়গাঁৱত বাছ দুৰ্ঘটনাত নিহত ২, আহত ১৫

বকোৰ ডেকাচাঙৰ প্ৰায় ৪০জন লোকে উক্ত বাছখনেৰে NRCৰ শুনানিৰ বাবে গৈছিল যোৰহাটলৈ।

News18-Assam
Updated:August 7, 2019, 8:33 AM IST
পুনৰ NRCৰ শুনানিলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত, ছয়গাঁৱত বাছ দুৰ্ঘটনাত নিহত ২, আহত ১৫
বকোৰ ডেকাচাঙৰ প্ৰায় ৪০জন লোকে উক্ত বাছখনেৰে NRCৰ শুনানিৰ বাবে গৈছিল যোৰহাটলৈ।
News18-Assam
Updated: August 7, 2019, 8:33 AM IST
পুনৰ NRCৰ শুনানিলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত৷ নিশা ছয়গাঁৱৰ গোৱৰ্ধনত পথৰ দাঁতিত বাগৰিল এখন আলট্ৰা বাছ। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বকোলৈ গৈ থকা বাছখনে গোৱৰ্ধনত আন এখন বাহনক অতিক্ৰম কৰিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে পথৰ দাঁতিত। এই দুৰ্ঘটনাত এগৰাকী কিশোৰীসহ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হয় ১৫ জন।

আহতসকলক নিশাই ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও এজনৰ বাহিৰে আন ১৪ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ মৃত মহিলা গৰাকীৰ নাম চয়মুন নেছা আৰু কিশোৰীগৰাকীৰ নাম আৰ্জুনা বেগম৷

জানিব পৰা মতে, বকোৰ ডেকাচাঙৰ প্ৰায় ৪০জন লোকে উক্ত বাছখনেৰে NRCৰ শুনানিৰ বাবে গৈছিল যোৰহাটলৈ। নিশা যোৰহাটৰ পৰা বকোলৈ ঘূৰি অহাৰ পথতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়৷



ইয়াৰ পূৰ্বেও সোমবাৰে খানাপাৰা আৰু মঙলবাৰে সোণাপুৰত NRCৰ শুনানিৰ পৰা ওভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হৈছিল এখন বাছ আৰু এখন ট্ৰেভেলাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি