• Home
  • »
  • News
  • »
  • assam
  • »
  • হঠাত্‍ লাগিল হুৱাদুৱা! মহানগৰীৰ আজাৰাত চলন্ত বাহনত অগ্নিকাণ্ড

হঠাত্‍ লাগিল হুৱাদুৱা! মহানগৰীৰ আজাৰাত চলন্ত বাহনত অগ্নিকাণ্ড

যান্ত্ৰিক বিজুটিৰ ফলত চলন্ত চুইফ্ট ডিজায়াৰ বাহনত জুই লাগিল বুলি সন্দেহ কৰা হৈছে।

যান্ত্ৰিক বিজুটিৰ ফলত চলন্ত চুইফ্ট ডিজায়াৰ বাহনত জুই লাগিল বুলি সন্দেহ কৰা হৈছে।

যান্ত্ৰিক বিজুটিৰ ফলত চলন্ত চুইফ্ট ডিজায়াৰ বাহনত জুই লাগিল বুলি সন্দেহ কৰা হৈছে।

  • Share this:
মহানগৰীৰ আজাৰাত চলন্ত বাহনত অগ্নিকাণ্ড। আজাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জ্বলি উঠিল চাৰিচকীয়া বাহন।

যান্ত্ৰিক বিজুটিৰ ফলত চলন্ত চুইফ্ট ডিজায়াৰ বাহনত জুই লাগিল বুলি সন্দেহ কৰা হৈছে। বৰঝাৰ বিমানবন্দৰৰ পৰা যাত্ৰীলৈ শ্বিলংলৈ গৈ থকা অৱস্থাতে আজাৰাৰ সমীপৰ গুৱাহাটী- গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতে দপদপাই জ্বলি উঠিল বাহনখন।

AS-01-MC-6580 নম্বৰৰ চুইফ্ট বাহনত যান্ত্ৰিক বিজুতি ঘটিয়েই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে। বিমানবন্দৰৰ পৰা ২ গৰাকী মহিলাসহ ৪জন যাত্ৰী লৈ গৈ আছিল বাহনখনে। কিন্তু সৌভাগ্যক্ৰমে অগ্নিকাণ্ডৰ ফলত কোনো লোক আহত হোৱা নাই।

পিছত ঘটনাস্থলীত আজাৰ আৰক্ষীৰ যানবাহন নিয়ন্ত্ৰণ শাখা, বায়ু সেনা বাহিনীৰ অগ্নিনিৰ্বাপক বাহন আহি নিয়ন্ত্ৰণ কৰে জুই। ঘটনাস্থলীত উপস্থিত হয় ২খনকৈ অগ্নিনিৰ্বাপক বাহন।
Published by:Himangshu Bhuyan
First published: