
ৰে'লযোগে এই অবৈধ বেহা আৰম্ভ কৰিছে ক'লা ব্যবসায়ীসকলে।
ৰে'লযোগে এই অবৈধ বেহা আৰম্ভ কৰিছে ক'লা ব্যবসায়ীসকলে।
হাইলাকান্দি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে দুই ৱাগন ভৰ্তি বাৰ্মিজ চুপাৰি । হাইলাকান্দি জিলাৰ জামিৰা ৰে'ল ষ্টেচনত আৰক্ষীয়ে জব্দ কৰে এই চুপাৰি। মিজোৰামৰ ভৈৰৱীৰ পৰা শিলচৰ অভিমুখে যোৱা ০৫৫৬৮ নম্বৰৰ যাত্ৰীবাহী ট্ৰেইনৰ লগতে যুক্ত আছিল এই দুটা ৱাগন। জব্দকৃত চুপাৰিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ'ব বুলি অনুমান কৰা গৈছে ।
অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে হাইলাকান্দিত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। মিজোৰামৰ পৰা স্থলপথেৰে বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ কৰাৰ পিছতে এতিয়া ৰে'লযোগে এই অবৈধ বেহা আৰম্ভ কৰিছে ক'লা ব্যবসায়ীসকলে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|