ৰাজ্যত ক'লা বেহা আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতে এতিয়া অবৈধ ব্যবসায়ীসকলেও গ্ৰহণ কৰিছে নিত্যনতুন পন্থা। হাইলাকান্দিত (Hailakandi) আৰক্ষীৰ অভিযানত পোহৰলৈ আহিছে এনে এক অবৈধ বেহা।
সোমবাৰে হাইলাকান্দি জিলাৰ ঠাণ্ডাপুৰ এলেকাৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণ অবৈধ আমদানিকৃত বাৰ্মিজ চুপাৰি। ধানৰ মোনাৰ তলতে লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৪০০ বস্তা বাৰ্মিজ চুপাৰি (Burmese supari)।
ঠাণ্ডাপুৰ এলেকাত আৰক্ষীৰ নাকা চেকিঙত জব্দ হয় চুপাৰিভৰ্তি দুখন ট্ৰাক। ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকা হৈ বহিঃৰাজ্যলৈ লৈ যোৱাৰ সময়ত পাচগ্ৰাম আৰক্ষীয়ে জব্দ কৰে চুপাৰিখিনি।
BR 06 GC 7444 আৰু NL 02 Q 6177 নম্বৰৰ এই দুই ট্ৰাকত মজুত আছিল প্ৰায় ৪০০ বস্তা বাৰ্মিজ চুপাৰি। জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ'ব বুলি জনাইছে আৰক্ষীয়ে। দুখন ট্ৰাকতেই ধানৰ মোনাৰ তলতে লুকুৱাই ৰখা আছিল চুপাৰিখিনি।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|