
হাইলাকান্দি জিলাৰ কাৰিছেৰা আৰক্ষী চকীৰ অধীনৰ ওলইছেৰা গাঁৱত বানে প্লাৱিত কৰা এটা পুখুৰীৰ পৰা উদ্ধাৰ হয় মুঠ ৯ বস্তা বাৰ্মিজ চুপাৰি।
হাইলাকান্দি জিলাৰ কাৰিছেৰা আৰক্ষী চকীৰ অধীনৰ ওলইছেৰা গাঁৱত বানে প্লাৱিত কৰা এটা পুখুৰীৰ পৰা উদ্ধাৰ হয় মুঠ ৯ বস্তা বাৰ্মিজ চুপাৰি।
বছৰৰ দ্বিতীয়টো বানত বিপৰ্যস্ত বৰাক। বৰাক নদীৰ বলীয়া বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে তিনি জিলাত। শিলচৰত ঘৰৰ এক মহলাৰ ওপৰৰে বৈছে বৰাকৰ পানী। বৰাক উপত্যকাৰ আন দুই জিলাৰ সৈতে সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে হাইলাকান্দিৰ। একে অৱস্থা কৰিমগঞ্জ জিলাৰো।
বানৰ মাজতে হাইলাকান্দিত ওলাইছে বস্তাই বস্তাই বাৰ্মিজ চুপাৰি। হাইলাকান্দি জিলাৰ কাৰিছেৰা আৰক্ষী চকীৰ অধীনৰ ওলইছেৰা গাঁৱত বানে প্লাৱিত কৰা এটা পুখুৰীৰ পৰা উদ্ধাৰ হয় মুঠ ৯ বস্তা বাৰ্মিজ চুপাৰি। শনিবাৰেও হাইলাকান্দিত কেইবাখনো বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ কৰিছিলে হাইলাকান্দি আৰক্ষীয়ে। কিন্তু তাৰ ভিতৰত এখন ট্ৰাক আছিল সম্পূৰ্ণ খালী। সেই ট্ৰাকখনত থকা চুপাৰিখিনি ক’ৰবাত লুকুৱাই ৰখাৰ সন্দেহ হয় আৰক্ষীৰ। পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ওলইছেৰা গাঁৱৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰে ৯ বস্তা বাৰ্মিজ চুপাৰি। ইপিনে, যোৱা নিশা হাইলাকান্দি জিলাৰ আলগাপুৰ বজাৰত এটা বাৰ্মিজ চুপাৰিৰ গুদাম জব্দ কৰিবলৈ সক্ষম হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|