• Home
  • »
  • News
  • »
  • assam
  • »
  • হাইলাকান্দিত নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ 

হাইলাকান্দিত নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ 

হাইলাকান্দিত নৈশ বাছৰ পৰা উদ্ধাৰ বাৰ্মিজ চুপাৰি । অসমৰ বৰাক উপত্যকাত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চুৰাং ব্যৱসায় ।

হাইলাকান্দিত নৈশ বাছৰ পৰা উদ্ধাৰ বাৰ্মিজ চুপাৰি । অসমৰ বৰাক উপত্যকাত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চুৰাং ব্যৱসায় ।

হাইলাকান্দিত নৈশ বাছৰ পৰা উদ্ধাৰ বাৰ্মিজ চুপাৰি । অসমৰ বৰাক উপত্যকাত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চুৰাং ব্যৱসায় ।

  • Share this:
অসমৰ বৰাক উপত্যকাত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ চোৰাং ব্যৱসায় । বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে অসম আৰক্ষী বৰ্তমান সষ্টম হৈ পৰিছে আৰু ইয়াৰ বিৰুদ্ধে বহুদিনৰ পৰা অব্যাহত ৰাখিছে এক অভিযান। যাৰ ফলত এতিয়া প্ৰতিদিনে  নতুন কৌশলেৰে বাৰ্মিজ চুপাৰি পাচাৰ সৰবৰাহ আৰম্ভ কৰিছে কলা ব্যবসায়ীসকলে । বৃহস্পতিবাৰে নিশা বাৰ্মিজ চুপাৰিৰ চোৰাং ব্যৱসায়ীৰ এনে এক প্ৰচেষ্টা ব্যৰ্থ কৰে হাইলাকান্দি আৰক্ষীয়ে।

জানিব পৰা মতে, হাইলাকান্দি জিলাৰ পাচগ্ৰাম আৰক্ষীৰ নাকা চেকিঙত জিলাখনৰ ঠাণ্ডাপুৰ এলেকাত এখন যাত্ৰীবাহি নৈশ বাছৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ সংখ্যক বাৰ্মিজ চুপাৰি । AS 01 NC 1128 নম্বৰৰ এই বাছখনৰ ভিতৰতে মজুত আছিল প্ৰায় ১২০ বস্তা বাৰ্মিজ চুপাৰি। এই চুপাৰিখিনিৰ অনুমানিক বজাৰ মূল্য প্ৰায় ২০ লাখ টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।  জানিব পৰা মতে, নৈশ বাছখন ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল যাক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

যাত্ৰীবাহী গাড়ীখনত অবৈধ বাৰ্মিজ চুপাৰি পাচাৰ আৰু  আন সামগ্ৰী কঢ়িয়াই নিয়াৰ অভিযোগত পাচগ্ৰাম আৰক্ষীয়ে জব্দ কৰিছে বাছখন । লগতে গ্ৰেপ্তাৰ কৰিছে গাড়ীখনৰ চালকসহ আন এগৰাকী ব্যক্তিক। গাড়ীখনত থকা আনজন ব্যক্তিয়ে কৰিমগঞ্জ জিলাৰ ভাংগা এলেকাৰ পৰা চুপাৰিখিনি গাড়ীত ভৰাইছিল বুলি গাড়ীৰ চালকে আৰক্ষীৰ আগত প্ৰকাশ কৰে আৰু আৰক্ষীয়ে সেইজন ব্যক্তিক আটক কৰে। কিন্তু তদন্তৰ গোপনীয়তাৰ খাতিৰত গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে ।
Published by:Sanjay Kumar Das
First published: