• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজনীত ‘বুৰ্জ খালিফা’, এইবাৰ দুৰ্গা পূজাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব এই পূজা মণ্ডপ

বিজনীত ‘বুৰ্জ খালিফা’, এইবাৰ দুৰ্গা পূজাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব এই পূজা মণ্ডপ

চিৰাং জিলাৰ বিজনীত বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। ইতিমধ্যে এই মণ্ডপৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে।

  • Share this:
দুৰ্গা পূজা সমাগত। দেশৰ আন ৰাজ্যৰ লগতে অসমতো পূৰ্ণগতিত চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি। প্ৰতিখন পূজা মণ্ডপতে এতিয়া সীমাহীন ব্যস্ততা। ৰাজ্যৰ ঠায়ে ঠায়ে আকৰ্ষণীয় পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে। দৰ্শকক আকৰ্ষণ কৰিবলৈ বিভিন্ন আকৰ্ষণীয় আৰ্হিত পূজা মণ্ডপৰ নিৰ্মাণৰ কাম চলি আছে।

চিৰাং জিলাৰ বিজনীত বিশ্বৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফাৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। ইতিমধ্যে এই মণ্ডপৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈছে। শিৱ শংকৰ কলনী দুৰ্গা পূজাত নিৰ্মাণ কৰা হৈছে ৯০ ফুট উচ্চতাৰ এই আকৰ্ষণীয় পূজা মণ্ডপ।

বঙাইগাঁও জিলাৰ পাটিলাদহাৰ ৰঞ্জিত দাসে নিৰ্মাণ কৰিছে এই পূজা মণ্ডপ। ষ্টীল, কাঠ, বাঁহ আদিৰে নিৰ্মাণ কৰা হৈছে বুৰ্জ খালিফাৰ আৰ্হিৰ এই পূজা মণ্ডপ। এই পূজা মণ্ডপৰ বাবে দুৰ্গা পূজা কমিটীখনে প্ৰায় ১২–১৩ লাখ টকাৰ বাজেট ধাৰ্য কৰিছে।

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত আকৰ্ষণীয় আলোক সজ্জাৰে সজাই তোলা হ’ব এই পূজা মণ্ডপ। দুৰ্গা পূজা উদযাপন কমিটীয়ে এইবাৰৰ দুৰ্গা পূজাত এই মণ্ডপ ৰাজ্যৰ ভিতৰতে অন্যতম আকৰ্ষণ হ’ব বুলি আশা প্ৰকাশ কৰিছে।
Published by:Sanjay Kumar Das
First published: