দৰঙৰ বুঢ়া কাণ্ডৰ নতুন মোৰ! নিৰ্যাতিতা তিনি মহিলাক কৰা হ’ল দ্বিতীয় বাৰলৈ স্বাস্থ্য পৰীক্ষা!

এই বিষয়ত চিকিৎসক, আৰক্ষীয়ে সংবাদ মাধ্যমক অৱগত কৰা নাই কোনো তথ্য

News18-Assam
Updated:September 19, 2019, 10:01 PM IST
দৰঙৰ বুঢ়া কাণ্ডৰ নতুন মোৰ! নিৰ্যাতিতা তিনি মহিলাক কৰা হ’ল দ্বিতীয় বাৰলৈ স্বাস্থ্য পৰীক্ষা!
এই বিষয়ত চিকিৎসক, আৰক্ষীয়ে সংবাদ মাধ্যমক অৱগত কৰা নাই কোনো তথ্য
News18-Assam
Updated: September 19, 2019, 10:01 PM IST
দৰঙৰ বুঢ়া কাণ্ডৰ নিৰ্যাতিতা তিনি মহিলাক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত দ্বিতীয় বাৰৰ বাবে স্বাস্থ্য পৰীক্ষা কৰা হয়। আৰক্ষী প্ৰশাসনে গঠন কৰি দিয়া চিকিৎসকৰ দলটোৱে স্বাস্থ্য পৰীক্ষাৰ অন্তত ঘৰলৈ যাবলৈ দিয়ে আৰু তেওঁলোকক দৰং আৰক্ষীয়ে গাড়ীৰে ঘৰলৈ লৈ যায়। এই বিষয়ত এতিয়ালৈকে চিকিৎসক, আৰক্ষীয়ে সংবাদ মাধ্যমক কোনো কথা অৱগত কৰা নাই। চিকিৎসালয়ত মুৰ্ছা যোৱা  যুৱতী গৰাকীও সম্পূৰ্ণ সুস্থ বুলি চিকিৎসকে উল্লেখ কৰিছে।

ইফালে  দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। চিকিৎসকৰ ৰিপ’ৰ্ট আৰু আৰু ৰফুল আলীয়ে পলুৱাই নিয়া যুৱতীগৰাকীৰ ভাষ্যই ন ৰূপ দিছে সমগ্ৰ ঘটনাৰ। আৰক্ষীয়ে তিনি ভগ্নীক যিখন হাস্পতালত ভৰ্তি কৰোৱাইছিল, তাৰ চিকিৎসকৰ মতে, স্বাস্থ্য পৰীক্ষাৰ সময়ত তিনি মহিলাৰ এগৰাকীয়েও উল্লেখ কৰা নাছিল গৰ্ভৱতী বুলি। স্বাস্থ্য পৰীক্ষাৰ সময়ত তিনি ভগ্নীয়ে চিকিৎসকক দেখুৱাইছিল ম’বাইলৰ ফটো। ফটো চাই উন্নত চিকিৎসাৰ পৰামৰ্শ দিছিল চিকিৎসকে।
আৰু চাওক পৰৱৰ্তী বাতৰি