বুঢ়া কাণ্ডৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া লুৰিণজ্যোতি গগৈৰ, বিধায়ক শিলাদিত্য আৰু সাংসদ দিলীপ শইকীয়াৰ মন্তব্যকো সমালোচনা

বুঢ়া কাণ্ডক কেন্দ্ৰ কৰি একাংশই উদ্দেশ্যে প্ৰণোদিত ভাৱে মানুহক প্ৰৰোচিত কৰাৰ অভিযোগ লুৰিণজ্যোতিৰ

News18-Assam
Updated:September 21, 2019, 4:27 PM IST
বুঢ়া কাণ্ডৰ বাবে ৰাজ্য চৰকাৰক জগৰীয়া লুৰিণজ্যোতি গগৈৰ, বিধায়ক শিলাদিত্য আৰু সাংসদ দিলীপ শইকীয়াৰ মন্তব্যকো সমালোচনা
লুৰিণজ্যোতি গগৈ
News18-Assam
Updated: September 21, 2019, 4:27 PM IST
বুঢ়া কাণ্ডক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া l পাঠশালাত লুৰিনজ্যোতি গগৈয়ে আগবঢ়ালে প্ৰতিক্ৰিয়া l ঘটনাৰ বাবে ৰাজ্য চৰকাৰকে জগৰীয়া কৰিলে আছুৰ সাধাৰণ সম্পাদকজনে। ৰাজ্য চৰকাৰক নিয়ন্ত্ৰণহীন আখ্যা লুৰিণজ্যোতি গগৈৰ। লুৰিণৰ মতে  নিজৰ সাংসদ আৰু মন্ত্ৰী বিধায়কক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। বিধায়ক শিলাদিত্য আৰু সাংসদ দিলীপ শইকীয়াৰ একপক্ষীয় মন্তব্যকো সমালোচনা ছাত্ৰ নেতা জনৰ।

শিলাদিত্য আৰু দিলীপ শইকীয়াই জনপ্ৰতিনিধি হিচাপে সামাজিক দায়িত্ব পাহৰি যোৱা বুলি মন্তব্য লুৰিণৰ। লগতে দুয়োৰে ওপৰত বিহিত ব্যৱস্থা লোৱাৰো দাবী। বুঢ়া কাণ্ডক কেন্দ্ৰ কৰি একাংশই উদ্দেশ্যে প্ৰণোদিত ভাৱে মানুহক প্ৰৰোচিত কৰাৰ অভিযোগ লুৰিণজ্যোতিৰ। এনে ব্যক্তিক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে বুঢ়া কাণ্ডৰ মূল দোষীক বিচাৰি উচিত শাস্তি দিয়াৰ দাবী জনালে লুৰিণ জ্যোতি  গগৈৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি