মুখ্যপৃষ্ঠা »খবৰ »অসম »নিলাম হোৱা নাই সুধাকণ্ঠৰ নিত্য ব্যৱহৃত হাৰমনিয়াম, তেন্তে কেনেকৈ কিনিলে কৈলাশ খেৰে?

নিলাম হোৱা নাই সুধাকণ্ঠৰ নিত্য ব্যৱহৃত হাৰমনিয়াম, তেন্তে কেনেকৈ কিনিলে কৈলাশ খেৰে?

২১ জুনত সোণাৰাম খেলপথাৰত জিলা প্ৰশাসন তথা পৰ্যটন বিভাগৰ উদ্যোগত আয়োজন কৰা অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠানত বলীউদৰ কণ্ঠশিল্পী কৈলাশ খেৰে সুধাকণ্ঠৰ হাৰমনিয়ামখন পাঁচ লাখ টকাত নিলামত ক্ৰয় কৰা বুলি মন্তব্য কৰিছিল।

  • Share this:
    নিলাম হোৱা নাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নিত্য ব্যৱহৃত হাৰমনিয়ামখন। এতিয়াও শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সযতনে ৰখা হৈছে এই হাৰমনিয়ামখন। এক বিবৃতিযোগে এই কথা জনাইছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে।

    ২১ জুনত সোণাৰাম খেলপথাৰত জিলা প্ৰশাসন তথা পৰ্যটন বিভাগৰ উদ্যোগত আয়োজন কৰা অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠানত বলীউদৰ কণ্ঠশিল্পী কৈলাশ খেৰে সুধাকণ্ঠৰ হাৰমনিয়ামখন পাঁচ লাখ টকাত নিলামত ক্ৰয় কৰা বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে এক বিবৃতিযোগে এই কথা সদৰী কৰে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ যুটীয়া সম্পাদক মনীষা হাজৰিকা আৰু মঞ্জুলা হাজৰিকাই।

    বিবৃতিটোত উল্লেখ কৰা হৈছে যে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে জানিব পৰা মতে মুম্বাইৰ এটা প্ৰতিষ্ঠিত সাংস্কৃতিক–সামাজিক অনুষ্ঠান সিদ্ধাৰ্থ কাকৰ ‘সুৰভি ফাউণ্ডেশ্যন’–এ ভাৰতৰ বহু বিখ্যাত ব্যক্তিৰ ব্যৱহৃত কিছু সা-সামগ্ৰী সংগ্ৰহ কৰি সেইসমূহ সঠিকভাৱে সংৰক্ষণ কৰিব পৰা ব্যক্তিৰ মাজত নিলাম কৰে। তাৰ পৰা অৰ্জন কৰা ধন সামাজিক-সাংস্কৃতিক ক্ষেত্ৰত ব্যয় কৰে।

    সুধাকণ্ঠৰ সংগী প্ৰয়াত কল্পনা লাজমীয়ে ড০ ভূপেন হাজৰিকাই ব্যৱহাৰ কৰা এখন হাৰমনিয়াম অনুষ্ঠানটোক দিয়া বুলি ন্যাসক জনাইছিল বুলিও প্ৰকাশ বিবৃতিটোত। সম্ভৱত সেই হাৰমনিয়ামখনে নিলামত ক্ৰয় কৰাৰ কথা উল্লেখ কৰিছিল কৈলাশ খেৰে।

    শেহতীয়া বাতৰি