এই ঘটনা সংঘটিত হৈছে বোকাখাতত। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ নিজা ম'হমাইকী গাঁও পঞ্চায়তৰ তিনি নং ৱাৰ্ডৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা। এই ঘটনা সংঘটিত হৈছে বোকাখাতত। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ নিজা ম'হমাইকী গাঁও পঞ্চায়তৰ তিনি নং ৱাৰ্ডৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা। পিতৃ-মাতৃ আৰু দুই সন্তানেৰে এসময়ত সুখৰ সংসাৰ থকা এটা পৰিয়াল ! কিন্তু মাইক্ৰ ফাইনেন্সৰ পৰা লোণ লৈ এতিয়া সৰ্বস্বান্ত হৈ পৰিল পৰিয়ালটো। ঋণ পৰিশোধ কৰিবলৈ বিক্ৰী কৰিবলগীয়া হ'ল সকলো মাটি-বাৰী। এতিয়া বাস কৰে গোহালী সদৃশ এটা ঘৰত। লোণ পৰিশোধ কৰিব নোৱাৰাৰ ফলত ফাইনেন্সাৰ কোম্পানীয়ে কাঢ়ি লৈ গ'ল সকলো সা-সম্পত্তি। এনেবোৰ কাণ্ড দেখি ঘৰৰ মূল মহিলা জানমণি বৰদলৈ হৈ পৰিল মানসিক ভাবে বিকাৰগ্ৰস্ত।
এই ঘটনা সংঘটিত হৈছে বোকাখাতত। কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ নিজা ম'হমাইকী গাঁও পঞ্চায়তৰ তিনি নং ৱাৰ্ডৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰা। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰমোদ বৰদলৈৰ হাতত লকডাউনৰ বাবে নাই কোনো কাম। ইফালে পত্নী জানমণি বৰদলৈয়ে মাইক্ৰ' ফাইনেঞ্চৰ পৰা কেইবাটাও ঋণ লৈ পৰিশোধ কৰিব নোৱাৰাত গোটৰ লোকে ঘৰৰ পৰা লৈ গ'ল গডৰেজ, টিভি, হোম থিয়েটাৰ, মূল্যৱান বিচনাকে ধৰি বহু মূল্যবান সামগ্ৰী।
মহিলাগৰাকীয়ে অসমী গোট, এল এন টি গোট, সংস্কাৰ গোট, আৰোহন গোট আৰু বন্ধন গোটৰ পৰা ঋণ লৈ ঋণ পৰিশোধ কৰিব নোৱাৰি এতিয়া মানসিকভাৱে ভাগি পৰিছে ৷ আনহাতে দৈনিক ৰং মিস্ত্ৰীৰ কাম কৰা ঘৰৰ গৃহস্থ প্ৰমোদ বৰদলৈয়ে বোকাখাত মহকুমাত কণ্টেইনমেণ্ট জ'ন ঘোষণা হৈ থকাৰ বাবে কাম কৰিবলৈ যাব নোৱাৰি দুবেলা দুসাঁজৰ বাবে চিন্তা কৰিবলগীয়া হৈছে।
পৰিয়ালটোৱে এতিয়া মুখলৈ চাইছে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মাইক্ৰফাইনেন্সৰ ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনাইছে পৰিয়ালটোৰ মুৰব্বী প্ৰমোদ বৰদলৈয়ে।
Published by: Himangshu Bhuyan
First published: July 07, 2021, 14:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|