উত্তৰ-পূব ভাৰতৰ ৰে’ল যোগাযোগ ব্যৱস্থা উন্নতিৰ বাবে ১ ফেব্ৰুৱাৰীত উত্থাপিত বাজেট ২০২৩ ত অভিলেখ পুঁজি আৱণ্টন কৰিছে। এই কথা ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে ৰে’লৱেৰ বাবে ২.৪০ লাখ কোটি টকাৰ মূলধনী ব্যয় কৰা হ’ব। এইবাৰৰ আৱণ্টন সৰ্বাধিক ব্যয় যিটো ২০১৩-১৪ চনত কৰা আৱণ্টনৰ প্ৰায় ৯ গুণ আৰু বিগত বছৰৰ তুলনাত ৫১ শতাংশ বেছি। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৫৯টা ষ্টেচন বিশ্বমানৰ সা-সুবিধাৰে উন্নীত কৰা হ’ব বুলি ৰে’ল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
‘বিৰাসত বি, বিকাশ বি’ৰ ঐতিহ্যমণ্ডিত ধাৰণাটো মনত ৰাখি তেওঁ অৱগত কৰে যে যাত্ৰীসকলৰ বাবে উন্নত যাত্ৰা অভিজ্ঞতা আৰু আৰামদায়ক যাত্ৰাৰ বাবে ৩১০ খন পুৰণি ৰে’ল ৰেকক LHB ডবালৈ ৰূপান্তৰিত কৰা হ’ব। বিগত বৰ্ষত অসমত ৪৪৫ কিলোমিটাৰ ৰে’লপথ বিদ্যুৎ সংযোগ কৰা হৈছিল। উল্লেখনীয় যে, অমৃত ভাৰত ষ্টেচন প্ৰকল্পৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সকলো সংমণ্ডলৰ ১৫টা ষ্টেচন উন্নীতকৰণ কৰা হ’ব।
বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰে’ল আন্তঃগাঁথনিৰ সামগ্ৰিক উন্নয়নৰ বাবে পৰ্যাপ্ত মূলধন আৱণ্টন দিয়া হৈছে বুলি অৱগত কৰে। প্ৰথমবাৰৰ বাবে পাহাৰ আৰু সীমান্ত অঞ্চল সংযোগৰ বাবে ১.২০ লাখ কোটি টকাৰ আৱণ্টন দিয়া হৈছে। ইয়াৰ উপৰিও ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বাবে মুঠ ১০,৯৮৮.৮০ কোটি টকাৰ বাজেট আৱণ্টন কৰা হৈছে বুলিও জনায়। এই সংখ্যা পূৰ্বৰ বছৰৰ আৱণ্টন (৯,৬৬০.১৪ কোটি টকা)তকৈ ১৩.৭৫ শতাংশ বেছি।
মন কৰিবলগীয়া যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ১০,২৬৯ কোটি টকা আৱণ্টন দিয়া হৈছে, যিটো বিগত বছৰৰ তুলনাত প্ৰায় ৩০০ কোটি টকা বেছি। এইবাৰৰ বাজেট আৱণ্টনে নতুন লাইন আৰু ডুৱেলিং প্ৰকল্প, ট্ৰেক নবীকৰণৰ কাম, যান-বাহনৰ সুবিধা, পথ সুৰক্ষাৰ কাম, দলঙৰ কাম, চিগনেলিং, কৰ্মশালা আধুনিকীকৰণ আৰু গ্ৰাহকৰ সুবিধা আদি বিভিন্ন বিভাগত অভূতপূৰ্ব বৃদ্ধি দেখুৱাইছে। নতুন লাইনৰ বাবে প্ৰায় ৬৫৯১ কোটি টকা আৰু ৰে’লৱে ডুৱেলিঙৰ বাবে ১৩৬৪ কোটি টকা ধাৰ্য কৰা হৈছে।
ৰে’ল মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো অঞ্চলতে ৭৫,৭৯৫ কোটি টকাৰ মুঠ ৰে’ল আন্তঃগাঁথনি প্ৰকল্প চলি থকা বুলিও অৱগত কৰে। চলি থকা সকলো কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে পৰ্যাপ্ত আবণ্টন দিয়া হয় বুলিও জানিবলৈ দিয়ে। ডিমাপুৰ-কোহিমা নতুন লাইন প্ৰকল্পৰ বাবে প্ৰায় ১১০০ কোটি আৰু জিৰিবাম - ইম্ফল নতুন লাইন প্ৰকল্প ৰূপায়ণৰ বাবে ৮০০ কোটি টকা আৱণ্টন দিয়া হৈছে।
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ অন্যান্য মূলধনী সংযোগ প্ৰকল্প যেনে ছিকিমৰ সেৱক-ৰংপো নতুন লাইন প্ৰকল্পৰ বাবে ২৩৫০ কোটি, মিজোৰাম ভৈৰৱী - চাইৰাং নতুন লাইন প্ৰকল্পৰ বাবে ৯১৫ কোটি টকা আৱণ্টন দিয়া হৈছে। আন আন নতুন লাইন প্ৰকল্পৰ লগতে ভাৰত আৰু বাংলাদেশৰ মাজত আন্তঃৰাষ্ট্ৰীয় সংযোগৰ বাবে আগৰতলা-আখৌৰা প্ৰকল্পৰ বাবে ২০০ কোটি টকা আৰু আৰৰিয়া-গালগ্লিয়া প্ৰকল্পৰ বাবে প্ৰায় ৭০০ কোটি টকা আৱণ্টন দিয়া হৈছে।
বৰ্তমান চলি থকা ট্ৰেক ডুৱেলিং কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নতুন বঙাইগাঁও – ৰঙিয়া – কামাখ্যাৰ বাবে ৬০০ কোটি আৰু নতুন বঙাইগাঁও – গোৱালপাৰা – কামাখ্যাৰ বাবে ৫০০ কোটি টকা আৱণ্টন দিয়া হৈছে। তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল সংযোগ আৰু অধিক উন্নত কৰাৰ বাবে কাটিহাৰ - কুমেদপুৰ আৰু কাটিহাৰ - মুকুৰিয়া খণ্ডৰ মাজত দ্বৈতকৰণৰ কামৰ বাবে ১১৫ কোটি টকা আৱণ্টন দিয়া হৈছে। লগতে গুৱাহাটীৰ সমীপৰ আগিয়াথুৰি ষ্টেচন ৫১৭ কোটি টকা ব্যয় কৰি বিশ্বমানৰ সা-সুবিধা থকা ষ্টেচন হিচাপে উন্নীত কৰা হ’ব।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 05, 2023, 19:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|