তিনিচুকীয়া আৰক্ষীয়ে এটা বৌদ্ধ মন্দিৰৰ পৰা গ্ৰেপ্তাৰ কৰে এগৰাকী বৌদ্ধ সন্যাসীক। ভুৱা নথিপত্ৰৰে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰাৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। জাল নথি-পত্ৰ ব্যৱহাৰ কৰি অসমৰ তিনিচুকীয়া চহৰৰ বৌদ্ধ মন্দিৰৰ পৰা গ্ৰেপ্তাৰ কৰা ৪২ বছৰীয়া বৌদ্ধ সন্যাসীজন ৰতনশ্ৰী বিক্ষু ওৰফে ৰাহুল বৰুৱা। তেওঁ ত্ৰিপুৰাৰ ধলাই জিলাৰ বাসিন্দা ৰূপে ভুৱা নথিপত্ৰ প্ৰস্তুত কৰিছিল (Buddhist Monk Arrested in Tinsukia)।
আঞ্চলিক বিক্ষু সংঘ সমিতিৰ সভাপতি ভেন সুমেধানন্দ মহাথেৰোৱে প্ৰকাশ কৰা অনুসৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে সন্ন্যাসীজন সম্পৰ্কে তথ্য লাভ কৰিছিল। জাল নথি-পত্ৰ প্ৰস্তুত কৰা সন্যাসীগৰাকী বাংলাদেশৰ বুলি সন্দেহ কৰাৰ পিছত আৰক্ষীক অভিযোগ দিয়া হৈছিল। মহাথেৰোৱে লগতে উল্লেখ কৰে যে অভিযুক্তৰ বাংলাদেশৰ মূল পৰিচয় পত্ৰ পোৱা গৈছিল আৰু তেওঁ বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত থকাৰ বিষয়ে জানিব পাৰি ২০২১ চনত আৰক্ষীৰ অভিযোগ দাখিল কৰা হৈছিল।
তিনিচুকীয়া আৰক্ষী অভিযোগ পোৱাৰ পিছত ত্ৰিপুৰাৰ নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি নিৰ্বাচনী তালিকা আৰু ভোটাৰ কাৰ্ডত তেওঁৰ নাম পৰীক্ষা কৰাৰ বাবে অনুৰোধ জনায় আৰু নিৰ্বাচন আয়োগৰ পৰা পোৱা প্ৰতিবেদনৰ ভিত্তিত অভিযুক্তই প্ৰস্তুত কৰা ভোটাৰ কাৰ্ড ভুৱা বুলি জানিব পাৰে। শেষত আমি আজি পুৱা বৌদ্ধ মন্দিৰ চৌহদৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|