BTR চুক্তিয়ে শান্তি নানে, হিংসাহে বঢ়াব, এই হিংসা কাৰ্বি আংলং পৰ্যন্ত বিয়পিব: তৰুণ গগৈ

News18 Assam | News18-Assam
Updated:January 29, 2020, 1:52 PM IST
BTR চুক্তিয়ে শান্তি নানে, হিংসাহে বঢ়াব, এই হিংসা কাৰ্বি আংলং পৰ্যন্ত বিয়পিব: তৰুণ গগৈ
সাৰ্বভৌমত্বৰ ওপৰত পৰেশ বৰুৱাৰ লগত আলোচনা হ'ব নালাগে, ক'লে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

সাৰ্বভৌমত্বৰ ওপৰত পৰেশ বৰুৱাৰ লগত আলোচনা হ'ব নালাগে, ক'লে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

  • Share this:
NDFBৰ চাৰিটা গোট আৰু এবছুৰ সৈতে ভাৰত আৰু অসম চৰকাৰে সোমবাৰে কৰা চুক্তিক লৈ বুধবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
গগৈয়ে ক'লে, “দিল্লীত অমিত শ্বাহে NDFB আৰু ABSUৰ সৈতে চুক্তি কৰিছ ৷ এই চুক্তিয়ে বড়ো অঞ্চলত শান্তি আনিব বুলি কৈছে ৷ মই সন্দেহ প্ৰকাশ কৰিছো ৷ ২০০৩ত BTC চুক্তিৰ সময়ত UTC নিদিও বুলি আমি কৈছিলো ৷”

বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে কয়, “আদিবাসী, নেপালী, গোৰ্খা, কলিতা সকলে বঞ্চিত হৈ আছে BTCত ৷ দুটা সংসদীয় নিৰ্বাচনত তাৰেই প্ৰতিফলন ঘটিছে ৷ আমি বড়ো ৰাইজৰ উন্নয়ন বিচাৰো ৷ কিন্ত তাত বসবাস কৰা আনসকলৰো উন্নতি হ'ব লাগে ৷ এতিয়াৰ চুক্তিয়ে বিভাজনৰ সূচনা কৰিব ৷ হিংসা বাঢিব ৷ এই পৰিস্থিতি কাৰ্বি আংলঙলৈ বিয়পোৱাৰ সম্ভৱনা আছে”।

এই চুক্তিৰ জৰিয়তে NDFBৰ নিহত সদস্যৰ পৰিয়ালক চৰকাৰে পাঁচলাখ টকাকৈ সাহাৰ্য দিয়াক লৈ গগৈৰ ক্ষোভ ৷ ক'লে, “পুলিচৰ গুলীত মৰা সন্ত্ৰাসবাদীক পাঁচলাখতকৈ দিব ৷ দিয়ক, আমাৰ আপত্তি নাই ৷ কিন্তু সন্ত্ৰাসবাদীয়ে মাৰা নিৰীহক কিয় নিদিয়ে টকা? আচৰিত ৷ CAAৰ আন্দোলনত মৃত্যু হোৱা পাঁচজনৰ পৰিয়ালক কিয় নিদিয়ে সাহাৰ্য? এই পাঁচজনটো সন্ত্ৰাসবাদী নহয় ৷”

“বড়োসকলক দিয়াৰ দৰে বাকী জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰক ৷ BTR-এ শান্তি নানে, অশান্তিহে বঢ়াব ৷ BTR হৈছে UTCলৈ এখোপ আগবঢ়াৰ প্ৰক্ৰিয়া ৷ এতিয়া Union Territorialৰ দৰেই হ'ল”। সাংবাদিকক এনেদৰে কয় গগৈয়ে ৷
পৰেশ বৰুৱাৰ সাৰ্বভৌম স্বাধীন অসমৰ দাবীৰ প্ৰসংগত সাংবাদিকেে কৰা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয়, “পৰেশ বৰুৱাই স্বাধীন অসমৰ দাবী কৰি আছে ৷ আমি নাকচ কৰিছো পৰেশ বৰুৱাৰ দাবীক ৷ পৰেশ বৰুৱাই আলোচনা লৈ আহক ৷ কিন্তু সাৰ্বভৌমত্বক লৈ নহ'ব আলোচনা ৷ আমাৰ দিনত সাৰ্বভৌমত্বকলৈ আলোচনা নকৰো বুলি কৈছিলো ৷ এতিয়াৰ চৰকাৰে কি কৰে নাজানো ৷ সংবিধানৰ গণ্ডিত হ'ব লাগে আলোচনা।"
আৰু চাওক
পৰৱৰ্তী বাতৰি