ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকক লৈ উখল মাখল বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰ ৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিআৰ সচিবালয়ৰ এ ব্ল’কৰ প্ৰেক্ষাগৃহত কাইলৈ অৰ্থাৎ ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্য চৰকাৰৰ বহু চৰ্চিত কেবিনেট বৈঠক ৷
এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকক লৈ ইতিমধ্যে বিটিআৰ সচিবালয় নৰূপত সজাই তোলা হৈছে ৷ ইয়াৰ সমান্তৰালভাৱে নতুন ৰাস্তা–ঘাট নিৰ্মাণেৰে কোকৰাঝাৰ চহৰকো সজাই তোলা হৈছে ৷
ৰাজ্য চৰকাৰৰ কেবিনেটক লৈ ইতিমধ্যে বিটিআৰ আৰু কোকৰাঝাৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীসহ কেবিনেট বৰ্গক আদৰাৰ বাবে সাজু হৈ উঠিছে ৷ কেবিনেট বৈঠকক লৈ বিটিআৰ সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ চহৰতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ৷
কেবিনট বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে আজি অৰ্থাৎ সোমবাৰে নিশাৰ ভাগত ৰাজ্য চৰকাৰৰ কেবিনেট গোটৰ মন্ত্ৰীসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল কোকৰাঝাৰত উপস্থিত হয় কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে কাইলৈ পুৱা ৮. ৩০ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দোতমাৰ থুলুংগাপুৰিস্থিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাই বৰাগাৰীস্থিত প্ৰয়াত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ পৰিয়ালক সাক্ষাৎ কৰিব ৷
ইয়াৰ পিছত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰ তথা উদ্যানৰ আন্তগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰিব ৷ উক্ত কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে চান্দামাৰী স্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত Bodoland Administrative Staff Collegeৰ উদ্বোধন কৰিব ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ বেচৰগাঁৱত উপস্থিত হৈ নিৰ্মাণাধীন কোকৰাঝাৰ মেডিকেল কলেজৰ কাম–কাজৰ অগ্ৰগতিৰ বুজ ল'ব ৷ তাৰ পৰা পোনেপোনে বিটিআৰ সচিবালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ২২৯ টা ভিচিডিচি ভৱনৰ আধাৰশিলা স্থাপন কৰিব ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিটিআৰ সচিবালয়ৰ এ ব্ল’কৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকত অংশ ল'ব ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে নৈশ যাপনৰ কাৰণে ইতিমধ্যে চৰাইখোলাৰ সপ্তম বেটেলিয়নৰ ওচৰত থকা বিটিআৰ পৰ্যটন বিভাগৰ অতিথিশালাটো মেৰামতি কৰি আটকধুনীয়াকৈ সজাই তোলা হৈছে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|