শাসকীয় BJPৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতা কৰিবলৈ চেষ্টা কৰিলেও UPPLৰ কোনো ক্ষতি নহয় বুলি দাবী কৰিছে শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ UPPLৰ সভাপতি তথা BTRৰ মূৰব্বী প্ৰমোদ বড়োয়ে।
শাসকীয় BJPৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতা কৰিবলৈ চেষ্টা কৰিলেও UPPLৰ কোনো ক্ষতি নহয় বুলি দাবী কৰিছে শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ UPPLৰ সভাপতি তথা BTRৰ মূৰব্বী প্ৰমোদ বড়োয়ে।
শাসকীয় BJPৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতা কৰিবলৈ চেষ্টা কৰিলেও UPPLৰ কোনো ক্ষতি নহয় বুলি দাবী কৰিছে শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ UPPLৰ সভাপতি তথা BTRৰ মূৰব্বী প্ৰমোদ বড়োয়ে। অৱশ্যে ক্ষমতাত নথকা হাগ্ৰামাই এতিয়া ক্ষমতা বিচাৰি BJPৰ কাষ চাপিছে বুলি কটাক্ষ কৰে প্ৰমোদ বড়োয়ে ৷
'BJPৰ কাষলৈ কিয় যাব বিচাৰিছে হাগ্ৰামা মহিলাৰীয়ে?'- ইয়াৰ ব্যাখ্যা কৰিলে BJPৰে মিত্ৰতাত থকা UPPLৰ সভাপতি তথা BTRৰ মূৰব্বী প্ৰমোদ বড়োয়ে ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এশ দিনৰ পূৰ্তিত আয়োজিত সংবাদমেলত উপস্থিত থকাৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত BTRৰ মূৰব্বী প্ৰমোদ বড়োয়ে ক'লে- “ক্ষমতাত নথকা হাগ্ৰামাই ক্ষমতা বিচাৰি BJPৰ কাষ চাপিছে ৷ হাগ্ৰামাই BJPৰ কাষ চাপিলেও ক্ষতি নহয় UPPLৰ ৷”
এনেদৰে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি প্ৰমোদ বড়োয়ে আসন্ন উপ নিৰ্বাচনত UPPL সাজু বুলি সদৰি কৰে ৷ এই সন্দৰ্ভত প্ৰমোদ বড়োয়ে ক'লে- “বিধানসভাৰ দুটা আৰু BTRৰ দুটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু UPPL ৷”
BTRৰ দুটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'লে ভৈৰৱ কুণ্ড সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব নেকি? BTRৰ উপ মুখ্য কাৰ্যবাহী সদস্য পদটো গোবিন্দ বসুমতাৰীয়ে এৰি দিব নেকি? এই প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োয়ে শেষত ক'লে- “কথাবোৰ আপোনালোকেহে বেছিকৈ জানিব ৷ কি বা হয়? মুঠতে BTRৰ দুটা পৰিষদীয় সমষ্টিত উপ নিৰ্বাচন হ'ব ৷”
পোনপটীয়াকৈ একো নক'লে BTRৰ মূৰব্বী প্ৰমোদ বড়োয়ে ৷ কিন্তু এটা ইংগিত দিলে যে বিধায়ক পদৰ পৰা পদত্যাগ নকৰে গোবিন্দ বসুমতাৰীয়ে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|