মুখ্যপৃষ্ঠা »খবৰ »অসম »BTRত 'CONDITION'ৰ ৰাজনীতি কৰিব হাগ্ৰামা বাহিনীয়ে ! পিছে BPFৰ কি এই কণ্ডিশ্যন ?

BTRত 'CONDITION'ৰ ৰাজনীতি কৰিব হাগ্ৰামা বাহিনীয়ে ! পিছে BPFৰ কি এই কণ্ডিশ্যন ?

এটা কণ্ডিশ্যন লৈ লোকসভাত নিজৰ চিহ্ন এৰি পদুম ফুলতে নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিপিএফ ৷ বিজেপিৰ ওচৰত আপত্তি নৰজিব BPFৰ বড়োভূমিৰ বৈৰী UPPLৰো ৷

এটা কণ্ডিশ্যন লৈ লোকসভাত নিজৰ চিহ্ন এৰি পদুম ফুলতে নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিপিএফ ৷ বিজেপিৰ ওচৰত আপত্তি নৰজিব BPFৰ বড়োভূমিৰ বৈৰী UPPLৰো ৷

এটা কণ্ডিশ্যন লৈ লোকসভাত নিজৰ চিহ্ন এৰি পদুম ফুলতে নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিপিএফ ৷ বিজেপিৰ ওচৰত আপত্তি নৰজিব BPFৰ বড়োভূমিৰ বৈৰী UPPLৰো ৷

  • Share this:
এটা কণ্ডিশ্যন লৈ লোকসভাত নিজৰ চিহ্ন এৰি পদুম ফুলতে নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিপিএফ ৷ বিজেপিৰ ওচৰত আপত্তি নৰজিব BPFৰ বড়োভূমিৰ বৈৰী UPPLৰো ৷ এটা বিশেষ কণ্ডিশ্যন লৈ বিপিএফ চামিল হ'ব খুজিছে NDAত ৷

"ট্ৰেক্টৰ চিহ্ন হ'লে স্বাভাৱিকতে আমাৰ আপত্তি থাকিব ৷ আমি NDAৰ কথা শুনিম ৷ মুখ্যমন্ত্ৰীয়ে হয়তো সকলো কথা চালি জাৰি চায়েই কথাবোৰ কৈছে ৷ চিহ্ন পদুমৰ হ'লে আপত্তি কৰা নকৰা সময়ত আপোনালোকে গম পাব ৷ বিটিআৰত আমাৰ সংখ্যা বেছি থকাৰ পিছতো আমাক ৰাজ্যপালে শপত গ্ৰহণ কৰিবলৈ নামাতিলে ৷ আমাক Betray কৰিলে ৷ আকৌ কৈছোঁ আমাক Betray কৰিলে ৷ স্থানীয় প্ৰশাসনত UPPL আমাক লৈ শংকিত হৈছে ৷ কম দিনতে ১০ৰ পৰা ১৫হাজাৰ UPPLৰ লোকে আমাৰ দলত যোগদান কৰিব ৷"—ক'লে দুৰ্গা দাস বড়োৱে। BPFৰ কলাইগাঁৱৰ বিধায়ক গৰাকীয়ে লগতে ক'লে, "কণ্ডিশ্যন আমাৰ থাকিবই ৷ বিপিএফ তিনিবাৰ চৰকাৰত থকা দল ৷ কংগ্ৰেছ-বিজেপি সকলোৰে লগত চৰকাৰত থকাৰ অভিজ্ঞতা আমাৰ আছে ৷ নিশ্চয় হাগ্ৰামা মহিলাৰীৰ লগত মুখ্যমন্ত্ৰীৰ কথা হৈছে ৷ বিটিআৰত প্ৰমোদ বড়োক লৈ সকলোৰে অসন্তুষ্টি থকা বুলিও মুখ্যমন্ত্ৰীয়ে গম পাইছে ৷ আমাৰ CWCএ হাগ্ৰামা মহিলাৰীক কৰ্তৃত্ব দি থৈছে ৷ হাগ্ৰামা মহিলাৰীয়ে যি সিদ্ধান্ত দিব সেয়াই আমাৰ সিদ্ধান্ত ৷ আঞ্চলিক দল হিচাপে আমি বিটিআৰৰ ক্ষমতা বিচাৰোঁ ৷ সেয়া আমাৰ প্ৰাপ্য ৷ তেনে কণ্ডিশ্যন হয়তো হাগ্ৰামা ডাঙৰীয়াই নেডাৰ আহ্বায়কক জনাইছে ৷"দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছিল কোকৰাঝাৰত NDAৰ প্ৰাৰ্থী থাকিব ৷ বিপিএফ,UPPL উভয়ক লগত লৈ আগবাঢ়িব বিজেপি ৷ ঠিকেই এনে এক ইংগিতেই এতিয়া স্পষ্ট হৈছে বড়োভূমিৰ ৰাজনীতিত ৷ বিজেপিৰ ৰণনীতি মতেই বড়োভূমিৰ ৰাজনীতিত সমানে প্ৰাসংগিক হৈও ভৱিষ্যতৰ স্বাৰ্থত খোজ দিব লাগিব ইউ পি পি এল, বিপিএফে ৷ কোকৰাঝাৰ আৰু মঙলদৈ এই দুই লোকসভা সমষ্টিত নিজা প্ৰাৰ্থী দিম বুলি কোৱা UPPLৰ প্ৰমোদ বড়োক কাষত লৈয়েই এই কথা ক'লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আপত্তি কৰিছিল বিষয়টোৰ দুদিনমান পূৰ্বে প্ৰমোদ বড়োৱে ৷ দেওবাৰে প্ৰমোদ বড়োক মৌন ৰাখি মুখ্যমন্ত্ৰীয়ে কৈ দিলে কথাখিনি ৷ ইউ পি পি এলৰ আপত্তি নৰজিব এই দুই সমষ্টিত ৷ সমষ্টি দুটাত প্ৰাৰ্থী দিম বুলি বাঘৰ গোজৰণি দিয়া হাগ্ৰামা মহিলাৰীৰ বিপিএফে কিয় নিজৰ চিহ্ন এৰিব? কাৰণ এটাই বিটিআৰৰ ক্ষমতা লাগে হাগ্ৰামা বাহিনীক ৷ দিচপুৰৰ লগতে বিটিআৰৰ ক্ষমতাৰ পৰা আঁতৰি থকা হাগ্ৰামা বাহিনীক লাগে বিটিআৰ পৰিষদৰ ক্ষমতা ৷ এয়াই হ'বলৈ গৈ আছে কোকৰাঝাৰত ৷ বিপিএফ, ইউ পি পি এলক লগত লৈ কোকৰাঝাৰ দখল কৰাৰ অংক কৰিছে বিজেপিয়ে ৷ বিপিএফক পিছে সহজে বিটিআৰৰ ক্ষমতা এৰি দিব জানো UPPLএ ?  তাৰ বাবে সন্ধিৰ বাঁহ বুদ্ধিৰে ভঙাৰ সময়লৈ অপেক্ষা কৰিব লাগিব ৷

শেহতীয়া বাতৰি