২০২০ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২৭ জানুৱাৰীত স্বাক্ষৰিত হৈছিল ঐতিহাসিক বিটিআৰ শান্তি চুক্তি । সেয়েহে সমগ্ৰ বিটিচিতে আজি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বিটিআৰ শান্তি চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি।
বিটিচি পৰিষদীয় চৰকাৰ আৰু জিলা প্ৰশাসনৰ উদ্যোগত বিটিচিৰ সদৰ কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে বিটিআৰ শান্তি চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হয়৷ কাৰ্যসূচী মৰ্মে পুৱা বডোফা নগৰস্থিত বিটিচি সচিবালয় প্ৰৱেশদ্বাৰৰ সন্মুখত থকা বডোফা ইউএন ব্ৰহ্মৰ প্ৰতিমূৰ্তিৰ সন্মুখত এশ ফুট উচ্চতাত তিনি বৰণীয়া জাতীয় পতাকা উত্তোলন কৰা হয় আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে উক্ত পতাকা উত্তোলন কৰি বিটিআৰ চুক্তি দিৱসৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে বডোফাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণেৰে বিটিচি সচিবালয় খেলপথাৰ প্ৰাংগণৰ পৰা শান্তিৰ বাবে এক বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয়।উক্ত মটৰ চাইকেল ৰেলীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই নিজেই মটৰ চাইকেল চলাই মটৰ চাইকেল ৰেলীত অংশ গ্ৰহণ কৰে । উক্ত কাৰ্যসূচীৰ অন্তত দুপৰীয়া কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিটিআৰ প্ৰশাসনৰ সহযোগত এখন সভা অনুষ্ঠিত হয়। সভাত বড়োলেণ্ড আন্দোলনৰ ২০১ গৰাকী শ্বহীদ পৰিয়ালৰ নিকট আত্মীয়ক পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্যৰ ধন চেক যোগে বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োৱে । সেই মৰ্মে আজি আনুষ্ঠানিকভাৱে দহগৰাকী শ্বহীদৰপৰিয়ালৰ নিকট আত্মীয়ৰ মাজত উক্ত চেকসমূহ প্ৰদান কৰা হয়। আনহাতে উক্ত সভাতে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে পশু চিকিৎসা বিভাগৰ ৬৮ গৰাকী ভিএফএ এন্ড এলাইড ছাৰ্ভিছেছৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে ৷ আজি বিটিআৰ চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিআৰ চুক্তি ক্ষীপ্ৰতাৰে পূৰণ হৈ থকা বুলি দাবী কৰি শান্তি স্থাপনেই মূল লক্ষ্য বুলি কয় । সাম্প্ৰতিক সময়ত কোনোবাই পুনৰ অস্ত্ৰ তুলি লম বুলি লোৱা সিদ্ধান্তক কেতিয়াও গ্ৰহণ কৰা নহ'ব বুলি স্পষ্ট কৰি দি কয় যে দশকৰ পিচত দশক ধৰি এই অঞ্চলত অশান্তি ,অস্থিৰতাৰ বাবে উন্নয়ন স্তব্ধ হৈ পৰিছিল ৷ গতিকে শান্তি -শৃংখলা বজাই ৰখাৰ স্বাৰ্থত বিভিন্ন জাতি -জনজাতিৰ মাজত একতা অনাৰ স্বাৰ্থত সকলোৱে অশুভ শক্তিৰ বিৰুদ্ধে একত্ৰিত হৈ থিয় দিবলৈ আহবান জনায় । বিশেষকৈ যুৱ প্ৰজন্মক ভাল দিশে আগবঢ়াই লৈ যাব লাগিব বুলি পোষকতা কৰে । আজি ইয়াত শান্তি উন্নয়ন স্থাপন হোৱাৰ আঁৰত চৰকাৰৰ যি ব্যৱস্থা লৈছে তাক সকলো ৰাইজে সাফল্য মণ্ডিত কৰি তুলিব লাগিব বুলি মন্তব্য কৰে। তাৰোপৰি কালি বিটিচিৰ সীমা সম্প্ৰসাৰণৰ দফা কালি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬০ খন গাঁও অৰ্ন্তভুক্তিকৰণৰ ঘোষণা কৰা কাৰ্যৰ ধন্যবাদ জ্ঞাপন কৰি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ পৰা আৰম্ভ কৰি বড়ো সংগ্ৰামীসকলৰ যি সপোন আছিল সেয়া পূৰণ হ'ল বুলি উল্লেখ কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশ আৰু ৰাজ্যক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আদৰণি জনায় । তেওঁ আজি ২০১ শ্বহীদ পৰিয়ালক আৰ্থিক অনুদান আগবঢ়োৱাৰ পৰৱৰ্তী সময়ছোৱাত পৰ্যায়ক্ৰমে বাকী পৰিয়ালবোৰকো আৰ্থিক সাহায্য আগবঢ়াই যাব বুলি জানিব দিয়ে । তাৰোপৰি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক বিশেষভাৱে গুৰুত্ব আৰোপ কৰা বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰে । আনহাতেদি বিটিআৰ সীমা সম্প্ৰসাৰণকলৈ একাংশই কৰা প্ৰতিবাদ সন্দৰ্ভত মুখ্য কাৰ্যবাহী বড়োৱে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰতিবাদ, বিৰোধিতা অথবা প্ৰতিক্ৰিয়া কৰাবোৰে কৰিবই৷ কিন্তু চৰকাৰে যি সিদ্বান্ত গ্ৰহণ কৰে সেয়া সামূহিক স্বাৰ্থক গুৰুত্ব দিয়েই সিদ্বান্ত গ্ৰহণ কৰে৷ কাৰোবাৰ ব্যক্তি স্বাৰ্থক প্ৰাধান্য নিদিয়ে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে৷ আনহাতে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে আগন্তুক তিনি মাহৰ ভিতৰত বিটিআৰ চুক্তিৰ বাকী থকা দফাবোৰ পূৰণ হব বুলি দাবী কৰি তেওঁ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বিটিআৰ চুক্তিৰ স্বাক্ষৰ কৰাৰ পৰা আৰম্ভ কৰি চুক্তি ৰূপায়ণ কৰালৈ যি গুৰুত্ব আৰোপ কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উক্ত কাৰ্যসূচীৰ অন্তত কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত আয়োজিত এক ৰক্ত দান শিবিৰতো মুখ্য কাৰ্যবাহী সদস্য,বিধায়ক আৰু বিটিচিৰ কাৰ্যবাহী সদস্য সকলে অংশ গ্ৰহণ কৰি ৰক্ত দান কৰে । উল্লেখযোগ্য যে বিটিআৰ চুক্তি দিৱসৰ সৈতে সংগতি ৰাখি তিনি বৰণীয়া বেলুন আৰু শান্তিৰ প্ৰতীক পাৰ চৰাই উৰাই দিয়া হয় ।
Published by: Kokil Sarma
FIRST PUBLISHED : January 28, 2023, 04:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।