BJPৰে UPPL আৰু BPF মিত্ৰতা ৰক্ষাত নতুন সুত্ৰ উদ্ভাৱন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উপ নিৰ্বাচনৰ পূৰ্বেই BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশ হ'বলৈ BPFক দুটা সুত্ৰমতে আগবাঢ়িবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে BPFৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ সৈতে আলোচনা কৰি দিয়া সুত্ৰ মতে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুয়োজনৰ এজন BTRৰ মূৰব্বী পদত থাকি এজন দিছপুৰলৈ আহিব ৷ নহ'লে দুয়োজনেই আহিব দিছপুৰলৈ ৷ তাৰ সলনি BJPৰ এজন বহিব BTRৰ মূৰব্বী পদত ৷
কেনেকৈ BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ হ'ব BPF? মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুটা সুত্ৰ দিলে হাগ্ৰামা মহিলাৰীক ৷
BTRৰ শাসনত UPPLৰ নেতৃত্বত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা BJPয়ে আঁতৰাই ৰখা হাগ্ৰামা মহিলাৰীৰ BPFএ BJPৰ সৈতে মিত্ৰতা কৰিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে বহুকেইবাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক গোপনে সাক্ষাতো কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ BPFৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ দুজনীয়া প্ৰতিনিধিয়ে ইতিমধ্যে পাঁচবাৰতকৈ অধিকবাৰ আলোচনাত মিলিত হৈছে ৷ এই কথা BPFৰ মুখপাত্ৰ তথা বিধায়ক দুৰ্গা দাস বড়োয়ে সোমবাৰে স্বীকাৰ কৰে সাংবাদিকৰ সন্মুখত ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী ড° শৰ্মাৰ প্ৰতিনিধিৰ সৈতে আলোচনাৰ মজিয়াত হাগ্ৰামা মহিলাৰীক দুটা সুত্ৰ প্ৰদান কৰা হৈছে ৷ BPFৰ এক শীৰ্ষ সুত্ৰই সদৰি কৰা মতে BJPয়ে UPPLৰ লগতে হাগ্ৰামা মহিলাৰীৰ অহৰহ আহ্বানক্ৰমে BPFকো মিত্ৰতাত ৰাখিব বিচাৰিছে ৷ বড়োভূমিৰ দুয়োটা আঞ্চলিক দলক মিত্ৰতাত ৰাখিবলৈ হ'লে ক্ষমতাৰ ভাগ-বতৰাৰ বিষয়টোও আহি পৰিছে ৷
এই সন্দৰ্ভত তিনিওটা দল ক্ৰমে BJP, BPF আৰু UPPLৰ মাজত পৃথকে পৃথকে ইতিমধ্যে আলোচনা হৈছে ৷ ক্ষমতা ভাগ-বতৰা সন্দৰ্ভতে উত্তৰ-পূবৰ ৰাজনৈতিক চাণক্য হিচাপে পৰিচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুটা সুত্ৰৰ জৰিয়তে ক্ষমতাৰ ভাগ-বতৰা কৰিব বিচাৰিছে ৷ BPFৰ শীৰ্ষ সুত্ৰই সদৰি কৰা মতে সুত্ৰ একৰ জৰিয়তে আসন্ন উপ নিৰ্বাচনত প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ তামোলপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব প্ৰমোদ বড়োৱে আৰু গোসাইগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব হাগ্ৰামা মহিলাৰীয়ে ৷ দুয়োজনক উপ নিৰ্বাচনত জয়ী কৰাই আনি ৰাজ্যিক কেবিনেটত ভৰ্তি কৰোৱাৰ প্ৰথম ফৰ্মুলা দিছে মুখ্যমন্ত্ৰীয়ে ৷ তাৰ বিপৰীতে BJPয়ে BTRৰ মূৰব্বী পদত অধিষ্ঠিত হ'ব ৷ BJPৰ মূৰব্বী হ'লে BPF আৰু UPPLৰ এজনকৈ Deputy CEM থাকিব BTRত ।
এই প্ৰথমটো সুত্ৰ মানি নল'লে দ্বিতীয়টো সুত্ৰ মানিব লাগিব UPPL আৰু BPFয়ে ৷ দ্বিতীয় সুত্ৰ মতে হাগ্ৰামা অথবা প্ৰমোদৰ মাজৰ এজন আহিব ৰাজ্যিক কেবিনেটলৈ ৷ হাগ্ৰামা অথবা প্ৰমোদৰ মাজৰ এজন হ'ব BTRৰ মূৰব্বী ৷ এই সুত্ৰ অনুসৰিয়েই ইতিমধ্যে আলোচনা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিয়ে ৷ মুঠতে উপ নিৰ্বাচনৰ আগে আগে বড়োভূমিৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তন হোৱাৰ উমান পোৱা গৈছে ৷ UPPLৰ লগতে BJPৰ সৈতে মিত্ৰতাৰ অংশীদাৰ হ'ব হাগ্ৰামা মহিলাৰীৰ BPF ৷