Kokrajhar : স্বাধীনতাৰ ৭২ বছৰৰ পিচত কোকৰাঝাৰ চহৰবাসীয়ে লাভ কৰিব পথ বিভাজক, চিচিটিভিযুক্ত আৰু চাইক্লিঙৰ সুবিধা উপলব্ধ পথ৷
Kokrajhar : স্বাধীনতাৰ ৭২ বছৰৰ পিচত কোকৰাঝাৰ চহৰবাসীয়ে লাভ কৰিব পথ বিভাজক, চিচিটিভিযুক্ত আৰু চাইক্লিঙৰ সুবিধা উপলব্ধ পথ৷
BTRৰ কোকৰাঝাৰ জিলাত নাবাৰ্ড পূঁজিৰ ২০২১-২০২২ৰ অধীনত বালাজান তিনি আলীৰ পৰা সিম্বৰগাঁও আৰু হাব্ৰুবাৰীৰ পৰা তিতাগুৰীলৈ নিৰ্মাণ হব লগীয়া পথ দুটাৰ আজি আধাৰশিলা স্থাপন কৰা হয়। কোকৰাঝাৰ চহৰখনৰ সৌন্দৰ্য বৰ্ধনৰ লগতে সুচল যাতায়াত ব্যৱস্থাৰ উন্নতি সাধনৰ লক্ষ্যৰে CIDF (২০২০-২০২১) আঁচনিৰ অধীনত এই পথৰ উন্নতিৰ কাম আৰম্ভ কৰে।
উল্লেখ্য যে স্বাধীনতাৰ ৭২ বছৰৰ পিছত কোকৰাঝাৰ (Kokrajhar) চহৰৰ জেডি ৰোডৰ উত্তৰ পাৰৰ পাগলাবাবা মন্দিৰৰ সমীপৰ পৰা দক্ষিণ পাৰৰ নাৰাবাৰীস্থিত ছোৱালী মহাবিদ্যালয়লৈকে পথ চোৱা পুনৰ নিৰ্মাণ, পথ বিভাজক, চিচিটিভি সংস্থাপন. ষ্টীল ৰেইলিং, চাইক্লিং পথ আৰু উন্নত মানৰ নলা-নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ কাম এক মাংগলিক অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো (Pramod Bodo)ৱে ৷
এই অনুষ্ঠআনৰ মাজতে প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰী (Hagrama Mohilary)ক তুলাধুনা দি কয় যে হাগ্ৰামাই কেৱল ধ্বংসহে কৰিব জানে। বড়োই বিটিচিত শান্তি ঘুৰি আহিছে বুলি সদৰী কৰি ইয়াত উন্নতিৰ কাৰণে সকলোৱে মিলিজুলি কাম কৰাৰো আহ্বান জনায়। দুয়োটা অনুষ্ঠানতে কোকৰাঝাৰ পুৱ জনজাতি বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী আৰু কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰী উপস্থিত থাকে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|