মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Ranjit Basumatary on NLFB : এনএলএফবিৰ আত্মপ্ৰকাশৰ আঁৰত বিপিএফ জড়িত, অভিযোগ ৰঞ্জিত বসুমতাৰীৰ

Ranjit Basumatary on NLFB : এনএলএফবিৰ আত্মপ্ৰকাশৰ আঁৰত বিপিএফ জড়িত, অভিযোগ ৰঞ্জিত বসুমতাৰীৰ

News18 Assam | News18-Assam
Updated:March 17, 2021, 9:37 AM IST
Ranjit Basumatary on NLFB : এনএলএফবিৰ আত্মপ্ৰকাশৰ আঁৰত বিপিএফ জড়িত, অভিযোগ ৰঞ্জিত বসুমতাৰীৰ
বড়োসকল ৰাজনৈতিক, আৰ্থিক, সামাজিক, শৈক্ষিকভাৱে তললৈ নমাৰ মূলতে চন্দন ব্ৰহ্ম বুলি মন্তব্য কৰে বসুমতাৰীয়ে৷

বড়োসকল ৰাজনৈতিক, আৰ্থিক, সামাজিক, শৈক্ষিকভাৱে তললৈ নমাৰ মূলতে চন্দন ব্ৰহ্ম বুলি মন্তব্য কৰে বসুমতাৰীয়ে৷

  • Share this:
বিটিআৰ (BTR)ত অশান্তি সৃষ্টি কৰা গ্ৰুপটোৱে হৈছে বিপিএফ (BPF) – এই  মন্তব্য বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ। মঙলবাৰে কোকৰাঝাৰ (Kokrajhar)ত এম বাথাৰ নেতৃত্বত একাংশ প্ৰাক্তন এনডিএফবিয়ে এনএলএফবি (NLFB) নামৰ এটা নতুন সশস্ত্ৰ সংগঠনৰ আত্ম প্ৰকাশ কৰা সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত বসুমতাৰীয়ে কয় যে এম বাথা পুনৰ জংঘললৈ প্ৰত্যাৱৰ্তন এক লক্ষ্যবিহীন আৰু উদ্দেশ্যবিহীন যাত্ৰা৷ এগৰাকী আদৰ্শ আৰু লক্ষ্যবিহীন নেতাৰ নেতৃত্বত নেচনেল লিবাৰেচন ফ্ৰণ্ট অফ বড়োলেণ্ড চমুকৈ এন‌এল‌এফবি গঠন কৰাটো বড়ো জনগোষ্ঠীৰ বাবে শুভ লক্ষণ নহয় ৷ এনএলএফবিৰ আত্মপ্ৰকাশৰ আঁৰত বিপিএফ জড়িত থকা বুলি বসুমতাৰীয়ে দাবী কৰে।

বড়ো জনগোষ্ঠী অতি  শান্তিপ্ৰিয় জনগোষ্ঠী বুলি উল্লেখ কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত ৭০০০ বছৰ ধৰি বসবাস কৰি অহা বড়োসকলৰ ইতিহাসত শেহতীয়া ৩৪ বছৰক বাদ দি কোনো  আন্দোলন বা  প্ৰতিবাদ সাব্যস্ত কৰা হোৱা নাছিল বুলি মন্তব্য কৰে বসুমতাৰীয়ে। বড়ো জনগোষ্ঠী এদিন অস্তিত্বৰ সংকটত ভুগিব বুলি আশংকা কৰি উক্ত আন্দোলন কৰিবলৈ বাধ্য হৈছিল বুলি দাবী কৰি ভাৰত আৰু ৰাজ্য চৰকাৰৰ একান্ত প্ৰচেষ্টাত বিগত ২০২০ চনৰ ২৭ জানুৱাৰীত শান্তিৰ চুক্তি স্বাক্ষৰ কৰাই নহয় বড়োসকলক অৰ্থনৈতিক, ৰাজনৈতিক সামাজিকভাৱে উন্নত হোৱাত যি সহায় আগবঢ়াই গৈছে তাক বিপিএফে সহ্য কৰিব পৰা নাই বুলি কয় ৰঞ্জিত বসুমতাৰীয়ে।

কিবা এটা কাৰণত কেন্দ্ৰীয় চৰকাৰে কিবা এটা টেকনিকেল সমস্যাৰ বাবে তেওঁলোকক গুৰুত্ব আৰোপ কৰিব পৰা নাছিল। তেনেক্ষেত্ৰত বিটিআৰত অশান্তিৰ সৃষ্টি কৰাৰ আঁৰত  বিপিএফ বুলি দাবী কৰি তেওঁ চন্দন ব্ৰহ্মক বিটিআৰৰ জনগণৰ মাজত মতানৈক্য সৃষ্টি কৰাৰ মাষ্টৰ অফ কী বুলি কটাক্ষ কৰে৷

তদুপৰি বড়োসকল ৰাজনৈতিক, আৰ্থিক, সামাজিক, শৈক্ষিকভাৱে তললৈ নমাৰ মূলতে চন্দন ব্ৰহ্ম বুলি মন্তব্য কৰে বসুমতাৰীয়ে৷ তেওঁ কয় যে বিগত ১৫ বছৰে যি কাণ্ড কৰিলে সেয়া স্পষ্ট হৈ পৰিছে। ৰাইজে বুজি পাইছে তেওঁলোকক৷ গতিকে  তেওঁলোকৰ পৰিকল্পনা পুনৰ বাস্তবায়িত হ’ব নিদিয়ে বুলিও কয় বসুমতাৰীয়ে৷

উল্লেখযোগ্য যে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে লগতে বিটিআৰ চুক্তিৰ দফা পূৰণ কৰাৰ বাবে ইউপিপিএল দলৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাৰ বাবেও ভোটাৰ ৰাইজলৈ আহবান জনাইছে।
Published by: Sanjay Kumar Das
First published: March 17, 2021, 9:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি