এনএলএফবি জন্মৰ আঁৰত হাগ্ৰামা বাহিনী! অভিযোগ বি আৰ ফেৰেংগাৰ
শেহতীয়াভাৱে সংগঠনটোৱে ইউপিপিএলক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ ভয়-ভাবুকি প্ৰদান কৰা বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্যজনে ৷
শেহতীয়াভাৱে সংগঠনটোৱে ইউপিপিএলক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ ভয়-ভাবুকি প্ৰদান কৰা বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্যজনে ৷
- News18 Assam
- Last Updated: April 1, 2021, 9:30 AM IST
শেহতীয়াভাৱে সংগঠনটোৱে ইউপিপিএলক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ ভয়-ভাবুকি প্ৰদান কৰা বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্যজনে ৷ নতুনকৈ সংগঠন জন্মৰ আঁৰত হাগ্ৰামা মহিলাৰী আৰু চন্দন ব্ৰহ্ম জড়িত থকা বুলি উল্লেখ কৰি তেওঁ কয় যে দীৰ্ঘদিন ধৰি ৰাইজক ভয়–ভাবুকি প্ৰদৰ্শন কৰি হাগ্ৰামা বাহিনীয়ে ক্ষমতা দখল কৰি আহিছে৷ শেহতীয়াভাৱে বিটিআৰ অঞ্চললৈ শান্তি ঘূৰি অহাৰ ফলত ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰ হৈ পৰাৰ আশংকা কৰি হাগ্ৰামা বাহিনীয়ে এনএলএফবিৰ দৰে সংগঠনৰ জন্ম দিছে৷
এনএলএফবিত য়ুথ বিপিএফৰ একাংশ সদস্য জড়িত হৈ আছে বুলি কয় ৰণজিত বসুমতাৰীয়ে ৷ ইফালে বিটিআৰত ইউপিপিএলে প্ৰদান কৰা এঘাৰ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি দাবী কৰে কাৰ্যবাহী সদস্যজনে৷ মন্ত্ৰী চন্দন ব্ৰহ্মই ধনবল প্ৰয়োগ কৰিলেও চিদলী সমষ্টিৰ পৰা জয় লাভ কৰিবলৈ সক্ষম নহ’ব বুলি ৰণজিত বসুমতাৰীয়ে মন্তব্য কৰে৷












