মুখ্যপৃষ্ঠা »খবৰ »অসম »আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসুতিলৈ আহিবলৈ আহ্বান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ...

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসুতিলৈ আহিবলৈ আহ্বান বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ...

paresh baruah, file image

অসমত সম্পূৰ্ণৰূপে শান্তি  প্ৰতিষ্ঠাৰ স্বাৰ্থত চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আলফাই দীৰ্ঘদিনীয়া সংগ্ৰামখন শেষ কৰিব লাগে বুলি কয় প্ৰমোদ বড়োয়ে ।

  • Share this:
    আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক মূল সুতিলৈ আহিবলৈ আহ্বান জনালে ৰঙিয়াত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীয়ে আলফা সন্দৰ্ভত ইতিবাচক মন্তব্য কৰাৰ পাছতে সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰিছিল ।

    অসমত সম্পূৰ্ণৰূপে শান্তি  প্ৰতিষ্ঠাৰ স্বাৰ্থত চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আলফাই দীৰ্ঘদিনীয়া সংগ্ৰামখন শেষ কৰিব লাগে বুলি কয় প্ৰমোদ বড়োয়ে । পৰেশ বৰুৱা শান্তি আলোচনাত ঘূৰি আহিলে আলফাৰ যি সমুহ সমস্যা আৰু সংগ্ৰাম আছে তাৰ ওপৰত মাত মাতিবলৈ প্ৰস্তুত আছে বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । আনহাতে বিটিআৰৰ বিৰোধী দল বিপিএফ এ সদনত উপস্থিত নথকা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই সন্দৰ্ভত ৰাজ্যপালক এক অভিযোগ দিয়া হৈছে  । হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে গণতান্ত্ৰিক ব্যৱস্থাক অসন্মান কৰিছে । সেয়ে বিটিআৰৰ ৰাইজে বুজি পোৱাটো ভাল বুলি মন্তব্য কৰে বিটিআৰ প্ৰধানগৰাকীয়ে ।

    শেহতীয়া বাতৰি