• Home
  • »
  • News
  • »
  • assam
  • »
  • বিটিআৰৰ নিবনুৱালৈ সুখবৰ। টেট উত্তীৰ্ণই পাব নিযুক্তি, নিবনুৱাই পাব ৫০ হাজাৰকৈ টকা।

বিটিআৰৰ নিবনুৱালৈ সুখবৰ। টেট উত্তীৰ্ণই পাব নিযুক্তি, নিবনুৱাই পাব ৫০ হাজাৰকৈ টকা।

 ৯৫০০ নিবনুৱাই স্বয়ম আঁচনিৰ অধীনত পাব ৫০ হাজাৰকৈ টকা ৷ ১০ জুনৰ পাছত অৰুণোদয় আঁচনিৰ ধনো দিব মোকলাই।

৯৫০০ নিবনুৱাই স্বয়ম আঁচনিৰ অধীনত পাব ৫০ হাজাৰকৈ টকা ৷ ১০ জুনৰ পাছত অৰুণোদয় আঁচনিৰ ধনো দিব মোকলাই।

৯৫০০ নিবনুৱাই স্বয়ম আঁচনিৰ অধীনত পাব ৫০ হাজাৰকৈ টকা ৷ ১০ জুনৰ পাছত অৰুণোদয় আঁচনিৰ ধনো দিব মোকলাই।

  • Share this:
কোৰোণা বিভীষিকাৰ মাজতে বিটিআৰ বাসীলৈ সুখবৰ কঢ়িয়াই আনিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ৷ অতি শীঘ্ৰে নিবনুৱাসকলে লাভ কৰিব স্বয়ম আঁচনিৰ ধন ৷ ৯৫০০ নিবনুৱাই পাব ৫০,০০০ (পঞ্চাশ হাজাৰ)কৈ টকা ৷ নিবনুৱাসকলে দুটা কিস্তিত পাব এই ধন ৷

চিৰাং জিলা উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এক বৈঠকৰ অন্তত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ এই ঘোষণা ৷

আনহাতে অৰুণোদয় আঁচনিৰ ধনো ১০ জুনৰ পিছতে লাভ কৰিব বুলিও মুখ্য কাৰ্যবাহী সদস্যজনে জানিব দিয়ে ৷ ইফালে বিটিআৰৰ টেট উত্তীৰ্ণসকলেও শীঘ্ৰে নিযুক্তি লাভ কৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত জানিব দিয়ে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি